অনুদান প্ৰাপ্তিৰ ক্ষেত্ৰত পুনৰ বিজেপিত কৈ বহু পিছ পৰি আছে কংগ্ৰেছ। ২০২৫-২৬ বিত্তীয় বৰ্ষত ২০ হাজাৰতকৈ অধিক অনুদানৰ পৰিমাণ তীব্ৰভাৱে হ্ৰাস পাইছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ আয় পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত প্ৰায় ৭৫ শতাংশ হ্ৰাস পাই ১৩০.৬৯ কোটি টকা হৈছে। বিগত এটা দশকত এই খণ্ডত দলৰ অনুদানৰ পৰিমাণ এইটোৱে সৰ্বনিম্ন।
নিৰ্বাচন আয়োগক দাখিল কৰা তথ্য অনুসৰি ইয়াৰ পূৰ্বৰ দুবছৰত এই অনুদানৰ পৰা কংগ্ৰেছে সংগ্ৰহ কৰা ধনৰ পৰিমাণ বৃদ্ধি পাইছিল। ২০২৩-২৪ বিত্তীয় বৰ্ষত দলটোৰ তহবিললৈ এই অনুদান আহিছিল ২৮১.৪৮ কোটি টকা। তাৰ পিছত লোকসভা নিৰ্বাচনী বৰ্ষ ২০২৪-২৫ বিত্তীয় বৰ্ষত এই ধনৰাশি ৫১৭.৩৯ কোটি টকালৈ বৃদ্ধি পায়।
তাৰ পিছত ২০২৫-২৬ বিত্তীয় বৰ্ষত একেবাৰতে হ্ৰাস পাই ১৩০ কোটিতকৈ অলপ বেছি হয়। পূৰ্বৰ বিত্তীয় বৰ্ষ অৰ্থাৎ লোকসভা নিৰ্বাচনৰ বছৰৰ তুলনাত এই সংগ্ৰহ ৩৮৬.৭০ কোটি টকা হ্ৰাস পাইছে।
আনহাতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত অৰ্থাৎ লোকসভা নিৰ্বাচনী বৰ্ষত বিজেপিয়ে ২০,০০০ টকাতকৈ অধিক অনুদানৰ বাবদ ৬,০৭৪.০২ কোটি টকা লাভ কৰিছিল। কংগ্ৰেছে লাভ কৰা অনুদানৰ প্ৰায় ১২ গুণ।
যদিও ২০২৫-২৬ চনৰ পৰিসংখ্যা প্রকাশ হোৱা নাই, তথাপিও কংগ্রেছতকৈ বিজেপিয়ে লাভ কৰা অনুদান যে অধিক হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি৷
বিশেষজ্ঞসকলৰ মতে, কংগ্ৰেছলৈ অনুদান হ্ৰাস পোৱাৰ এটা মূল কাৰণ হ’ল প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টে দিয়া ধনৰ পৰিমাণ হ্ৰাস পোৱা। ২০২৪-২৫ বিত্তীয় বৰ্ষত এই ট্ৰাষ্টে কংগ্ৰেছক ২১৬.৩৪ কোটি টকা দিছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষত সেই অনুদান ২৫.৮ কোটি টকালৈ হ্ৰাস পাইছে। অৰ্থাৎ প্ৰায় ৮৮ শতাংশ কম। কংগ্ৰেছৰ শেহতীয়া অনুদান প্ৰতিবেদনত তালিকাভুক্ত একমাত্ৰ নিৰ্বাচনী ট্ৰাষ্ট হৈছে প্ৰুডেণ্ট।





