• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰিপাব্লিকান প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল। ভোটাৰসকলৰ প্ৰতি তেওঁৰ আবেদন আছিল যে তেওঁলোকে এই নিৰ্বাচনক ৰাষ্ট্ৰপতি নিৰ্বাচন হিচাপে চাব লাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 8:12 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যকালীন নিৰ্বাচনত ডেম’ক্ৰেট দলৰ হাতত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টি। এই পৰাজয়ৰ পিছত দেওবাৰে পুনৰ সৰৱ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

এই ফলাফলক তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয় বুলি অভিহিত কৰে। ডেম’ক্ৰেটসকলক কটাক্ষ কৰি তেওঁৰ অংগীকাৰ, ‘আমি আৰু শক্তিশালী হৈ উভতি আহিম।’

মধ্যকালীন নিৰ্বাচনত ডেম’ক্ৰেটৰ হাতত হোৱা বিশাল পৰাজয়ৰ পিছত দেওবাৰে ট্ৰাম্পে এই বিষয়টোৰ ওপৰত মুখ খুলিছে। নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত লিখিছে, ‘নিৰ্বাচনৰ ফলাফল আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়। আনকি ট্ৰাম্পৰ দিনত ৰকেটৰ গতিৰে দৌৰি থকা শ্বেয়াৰ বজাৰখনেও এদিনতে ৩ ট্ৰিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছে।’

Apply Now

ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আত্মবিশ্বাসেৰে কয়, ‘ভয় নাখাব, আমি উভতি আহিম, আগৰ তুলনাত আৰু অধিক শক্তিশালী হৈ।’

মন কৰিবলগীয়া যে ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মধ্যকালীন নিৰ্বাচনত ডেম’ক্ৰেটসকলে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু চেনেট দুয়োটাৰে নিয়ন্ত্ৰণ দখল কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰিপাব্লিকান প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল। ভোটাৰসকলৰ প্ৰতি তেওঁৰ আবেদন আছিল যে তেওঁলোকে এই নিৰ্বাচনক ৰাষ্ট্ৰপতি নিৰ্বাচন হিচাপে চাব লাগে। ফলত নিৰ্বাচনৰ ফলাফল ট্ৰাম্পৰ বাবে এক ডাঙৰ ৰাজনৈতিক আঘাত হিচাপে বিবেচিত হৈছে।

নিৰ্বাচনৰ ফলাফলৰ পিছত এই পৰাজয়ৰ দায়িত্ব ট্ৰাম্পে এৰাই চলিছিল যদিও তেওঁ কয়, ‘বেলটত মোৰ নাম নাছিল। যদি থাকিলেহেঁতেন তেন্তে আমি বৃহৎ ব্যৱধানত জয়ী হ’লোহেঁতেন৷’

অৱশ্যে ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পিছত ট্ৰাম্পে নিৰ্বাচনৰ ফলাফলত আচৰিত হোৱাৰ কথা প্ৰকাশ কৰি কয়, “মই ভাবিছিলো যে আমি ভাল  কৰিম। হাজাৰ হাজাৰ লোক ৰেলীলৈ আহিছিল, বহুতেই ভিতৰত সোমাব পৰা নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

November 9, 2026 8:12 am
বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd