NORTHEAST NOW (Assamese)

কনিষ্ঠ ভাতৃক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মপুত্ৰত জাঁপ দিছিল জ্যেষ্ঠ ভাতৃয়ে, ব্ৰহ্মপুত্ৰই উটুৱাই নিলে দুয়োকে

April 17, 2023 6:58 pm · এন ই নাও নিউজ, গুৱাহাটী

সোমবাৰে দক্ষিণ শালমাৰামানকাছাৰ জিলাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। বুঢ়া লুইতৰ বুকুত সলিল সমাধি ঘটিছে দুই ভাতৃৰ।

জিলাখনৰ হাটশিঙিমাৰী গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, ভুলবশতঃ লুইতৰ কোবাল সোঁতত পৰি যায় কনিষ্ঠ ভাতৃগৰাকী। কনিষ্ঠ ভাতৃ পানীত পৰি ককবকাই থকা দেখি ওচৰতে থকা জ্যেষ্ঠ ভাতৃয়ে উদ্ধাৰৰ বাবে সাহসেৰে লুইতৰ বু্কুত জাঁপ দিয়ে যদিও নদীৰ প্ৰবল সোঁতে জ্যেষ্ঠ ভাতৃকো উটুৱাই লৈ যায়।

দীঘলীয়া উদ্ধাৰ অভিযানৰ অন্তত ইতিমধ্যে এই দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

লুইতৰ সোঁতত নিৰুদ্দেশ হোৱা উক্ত দুই ভাতৃৰ নাম দিলৱাৰ হুছেইন আৰু গোলাম মুস্তাফা।

ইয়াৰ পূৰ্বে দেওবাৰে বিহু উৎসৱৰ মাজতে উত্তৰ গুৱাহাটীৰ আমিনগাঁও অঞ্চলৰ ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ ফলত তিনিগৰাকী শিশুৰ মৃত্যু হয়।

Related News