NORTHEAST NOW (Assamese)
অসম

জুনু শৰ্মাৰ হত্যা : কাৰাগাৰলৈ প্ৰেৰণ দুজনক, তিনিজনক পুনৰ আৰক্ষীৰ জিম্মাত

Posted by: মৃদুল প্ৰীতম ডেকা October 29, 2018 7:51 am
-Dadara-three-arrested-Junu-Sharma-murder-1-750x375

ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক যোৱা ১০ অক্টোবৰত গুৱাহাটীৰ সীমান্তৱৰ্তী এলেকা আগিয়াথুৰিৰ ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকা পাঁচ অভিযুক্তক দেওবাৰে পুনৰ হাজোৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়।

আদালতে অভিযুক্ত পুতুল আলী ওৰফে চাদ্দাম হুছেইন আৰু বেংক বিষয়া সুনীল মিশ্ৰক ঋণ কেলেংকাৰী সন্দৰ্ভত পুনৰ ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে মৃত্যুবৰণ কৰা বেংক বিষয়া জুনু শৰ্মাৰ গাড়ী চালক প্ৰণৱ কলিতাক হত্যাকাণ্ড সন্দৰ্ভত সোধা-পোচাৰ বাবে পুনৰ ৩ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

আনহাতে আন দুগৰাকী অভিযুক্ত ক্ৰমে মণ্টু আলী আৰু চাদ্দাম আলীক জে’ললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান কাৰ্য চলাই বেংক বিষয়াগৰাকীৰ হত্যাৰ সৈতে জড়িত পাঁচগৰাকীকৈ অভিযুক্তক আটক কৰাৰ পিছত যোৱা ১৪ অক্টোবৰত হাজোৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালততে পাঁচোগৰাকী অভিযুক্তক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল। ১৪ দিনৰ জিম্মাৰ ম্যাদ ওকলাৰ পাছত আৰক্ষীয়ে কালি পুনৰবাৰ অভিযুক্ত কেইজনক আদালতত হাজিৰ কৰোৱাত আদালতে ইয়াৰে তিনিজনক পুনৰ আৰক্ষীৰ জিম্মাত আৰু দুজনক জে’ললৈ প্ৰেৰণ কৰে।

স্মৰ্তব্য যে দদৰাস্থিত ষ্টেট বেংকৰ শাখাটোত ব্যাপক হাৰত সংঘটিত হোৱা দুৰ্নীতি আৰু ঋণ কেলেংকাৰি গাপ দিয়াৰ বাবেই বেংক বিষয়া জুনু শৰ্মাক যোৱা ১০ অক্টোবৰত ৰাজপথতে অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছিল বুলি নিহত বিষয়াগৰাকীৰ স্বামীৰ লগতে বহুতো লোকে সন্দেহ প্ৰকাশ কৰিছিল।