NORTHEAST NOW (Assamese)

দুই ফুট উচ্চতাৰ ২৭ বছৰীয়া জ্যোতিক দেখা যাব নায়িকাৰ ৰূপত,ক’ত অভিনয় কৰিলে তেওঁ?

December 17, 2020 3:31 pm · এন ই নাও নিউজ

ছোৱালী জনীৰ বয়স ২৭ বছৰ।

কিন্তু উচ্চতাৰ দিশৰ পৰা ছোৱালীজনী মাত্ৰ ২ ফুটহে ওখ।বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাবে গিনীজ বুকে স্বীকৃতি দিয়া নাগপুৰৰ জ্যোতি কিষাণজী অমগেই এতিয়া বিশ্বাবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

চেলিব্ৰেটি হ’বলৈ অগ্ৰসৰ হোৱা জ্যোতিয়ে ইতিমধ্যে মিকা সিঙৰ টিভি শ্ব’ত অংশগ্ৰহণ কৰি বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে।

এইবাৰ জ্যোতিকলৈ নিৰ্মাণ হৈছে এখন তথ্য চিত্ৰ।

 

View this post on Instagram

 

A post shared by Jyoti Amge (@jyoti_amge)

Two Foot Tall Teen নামৰ তথ্য চিত্ৰ খনত অভিনয় কৰিছে জ্যোতিয়ে নিজেই।তথ্য চিত্ৰ খন দুই এদিনৰ ভিতৰতে মুক্তি দিয়া হব বুলি জানিব পৰা গৈছে।

জন্মৰে পৰাই জ্যোতি আক্ৰান্ত হৈছিল এক জটিল ৰোগত।

জ্যোতিৰ মাক ৰঞ্জনাই প্ৰকাশ কৰা মতে পাঁচ বছৰ বয়সতে তেওঁলোকে জ্যোতিৰ শাৰীৰিক বিসংগতিৰ কথা ধৰিব পাৰিছিল।

চিকিৎসকৰ কাষলৈ নিয়াত চিকিৎসকে জ্যোতি Achondroplasia নামৰ এক ৰোগত আক্ৰান্ত হোৱা বুলি কৈছিল।

এই ৰোগত আক্ৰান্ত হ’লে মানুহ এজনৰ উচ্চতা বৃদ্ধিৰ ধাৰা এটা সময়ত বন্ধ হৈ পৰে। জ্যোতিৰ ক্ষেত্ৰতো ২ ফুট উচ্চতা হোৱাৰ পিছতে দৈহিক বৃদ্ধি বন্ধ হৈ পৰিছিল।

কিন্তু এই জীৱনটোকলৈ জ্যোতিৰ নাই কোনো আক্ষেপ।ভিৰৰ মাজতে নিজকে স্বকীয় ভাবে পৰিচিত কৰিবলৈ পাই জ্যোতি আজি সুখী।

 

Related News