NORTHEAST NOW (Assamese)
দেশ

আপ ত্যাগ কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে বিজেপিত যোগদান কৈলাস গেহলটৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 18, 2024 6:37 pm

আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰাৰ পিছদিনাই বিজেপিত যোগদান কৰে কৈলাস গেহলটে। সোমবাৰে কৈলাশৰ দলত্যাগ সন্দৰ্ভত বিশেষ একো নকলে আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে। বৰঞ্চ কেজৰিৱালে সংবাদমেলতো এই বিষয়টো এৰাই চলিব বিচাৰিছিল।

দেওবাৰে অৰবিন্দ কেজৰিৱাললৈ পত্ৰ লিখি কৈলাস গেহলটে দলৰ পৰা পদত্যাগ ঘোষণা কৰে। চিঠিখনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে গেহলটে।

কৈলাশ গেহলটে লিখিছে, ‘আমি ৫ বছৰৰ ভিতৰত যমুনা পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিলো, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ’লোঁ।

দলত্যাগ কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে কৈলাশে বিজেপিত যোগদান কৰি তেওঁ কয় যে মই কোনো হেঁচাত দল সলনি কৰাৰ সিদ্ধান্ত লোৱা নাই। বহুতে কয় যে মোক বিজেপিত যোগদান কৰিবলৈ হেঁচা দিয়া হৈছিল। কিন্তু মোক কোনেও হেঁচা দিয়া নাই। মই নিজৰ ইচ্ছামতে এই সিদ্ধান্ত লৈছো।

তেওঁ আৰু কয়, ‘কিছুমানে কয় যে মই চিবিআই আৰু ইডিৰ পৰা সাৰিবলৈ বিজেপিত যোগদান কৰিছোঁ। ২০১৫ চনৰ পৰা আপৰ সদস্য হিচাপে, বিধায়ক হিচাপে আৰু মন্ত্ৰী হিচাপে মই কেতিয়া হেঁচাত কোনো কাম কৰা নাই’।

কৈলাশ গেহলটৰ বিজেপিত যোগদান সন্দৰ্ভত আজি অৰবিন্দ কেজৰিৱালে কয়, ‘তেওঁ মুক্ত। তেওঁ য’লৈ বিচাৰে তালৈ যাব পাৰে’।