NORTHEAST NOW (Assamese)

যি কৈছো সেয়া প্ৰমাণ কৰিব নোৱাৰিলে ঘুৰাই দিম পদ্মশ্ৰী! কিয় ক’লে কংগনা ৰানাৱটে?

July 19, 2020 11:33 am · এন ই নাও নিউজ
কংগনা ৰানাৱট।

অভিনেত্ৰী কংগনা ৰানাৱটৰ এক বিস্ফৰোক মন্তব্য পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কংগনাই বলীউদৰ কেইবাগৰাকীও খ্যাতনামা ব্যক্তি তথা অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ বলীউদত নেপ’টিজমক লৈ পুনৰ মুখ খুলিছে কংগনাই।

কংগনাই কৈছে,’’ মোৰ কথা শুনি বহুতেই কয় বা মোক পাগল বুলি ভাবে, তাত মোৰ একো আহে-নাযায়। কিন্তু এটা কথা মনত ৰাখিব সুশান্তৰ মৃত্যুক লৈ মই যিবোৰ কৈছো সেয়া প্ৰমাণ কৰিব নোৱাৰিলে পদ্মশ্ৰী ঘুৰাই দিম।‘’

বলীউদৰ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ নিৰন্তৰ সৰৱ হৈ পৰিছে কংগনা ৰানাৱট।

সুশান্তৰ মৃত্যুৰ বাবে তেওঁ বাৰে বাৰে বলীউদৰ খ্যাতনামা পৰিচালক, অভিনেতা-অভিনেত্ৰীক জগৰীয়া কৰি আহিছে।

কংগনাই মহেশ ভাট, কৰণ জোহৰ, আলিয়া ভাট, ৰণবীৰ কাপুৰ, আদিত্য চোপ্ৰা আনকি চলচ্চিত্ৰ সমালোচক ৰাজীৱ মাছান্দৰ বিৰুদ্ধেও মুখ খুলিছে।

এইবাৰৰ সাক্ষাৎকাৰতো তেওঁলোকৰ বিৰুদ্ধে পুনৰ সেই অভিযোগ দোহাৰিছে। কংগনাই মুম্বাই আৰক্ষীকো আক্ৰমণ কৰিবলৈ বাদ দিয়া নাই।

অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰটোত কৈছে,’’মুম্বাই আৰক্ষীয়ে কিয় মহেশ ভাট আৰু আদিত্য চোপ্ৰাক জেৰাৰ বাবে মাতি পঠিওৱা নাই? তেওঁলোকেতো মোক চমন কৰিছিল, মই কৈছিলো যে মি মানালিত আছো। কোনোবাই বিচাৰিলে আহি মোৰ ভাষ্য লিপিবদ্ধ কৰি নিব পাৰে।‘’

বলীউদত নেপ’টিজমক লৈ মাত মাতি অহা কংগনা ৰানাৱটে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত এই বিষয়ত অধিক সৰৱ হৈ পৰিছে।

Related News