NORTHEAST NOW (Assamese)

এইবাৰ কংগণাৰ বিকিনি বিতৰ্ক : সমালোচক তথা নিন্দুকৰ গালত দিলে পূৰ্ণ হতীয়া চৰ!

December 24, 2020 8:59 am · এন ই নাও নিউজ

বিতৰ্কৰ ৰাণী বলিউদৰ কংগণা ৰাণাৱটে আৰম্ভ কৰিলে অন্য এক বিতৰ্কৰ। অৱশেই এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজে আৰম্ভ কৰা নাছিল এই বিতৰ্কৰ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা নিজৰ এক ব্যক্তিগত ফ’টো প’ষ্টক সমালোচক আৰু নিন্দুকসকলে কৰা কৰ্কথনাৰ প্ৰত্যুত্তৰতহে বিতৰ্কিত মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে।

বুধবাৰে পুৱা বিতৰ্কৰ শীৰ্ষত থকা অভিনেত্ৰী গৰাকীয়ে নিজৰ বিকিনী পৰিহিত এক ফ’টো শ্বেয়াৰ কৰিছিল।

মেক্সিকোৰ টুলুম নামৰ এটা ক্ষুদ্ৰ সাগৰীয় দ্বীপত বিকিনি পৰিধান কৰি তোলা এখন ফ’টো শ্বেয়াৰ কৰি স্মৃতি ৰোমন্থ কৰিছিল অভিনেত্ৰী কংগণাই।

ইয়াৰ পিছতে চ’ছিয়েল মিডিয়াত আৰম্ভ হয় অভিনেত্ৰীগৰাকীক ট্ৰল কৰাৰ। বহুতে ফ’টোখনৰ প্ৰশংসা কৰিলেও অনেকে চিনেমাৰ বাহিৰত বাস্তৱ জীৱনত এনে পোছাক পৰিধান কৰাৰ বাবে অভিনেত্ৰীগৰাকীক কৰ্কথনা কৰে।

কিছুৱে আনকি এয়া ভাৰতীয় পৰম্পৰা ততা সভ্যতাৰ বিৰোধী বুলিও মন্তব্য কৰে।

ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে পুনৰ মুখ খোলে। সন্ধিয়ালৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নিন্দুকসকলক উদ্দেশ্য কৰি এটা টুইট কৰে।

টুইটত কয়, “মোৰ বিকিনি পৰিহিত ফ’টো দেখি কিছু মানুহে মোক ধৰ্ম আৰু সনাতন প্ৰথাৰ উপদেশ দিছে। যদি কেতিয়াবা মা ভৱানীয়ে মূৰৰ চুলি মেলি, বস্ত্ৰহীন হৈ, ৰক্তপাত কৰাৰ অৱতাৰ লৈ আপোনালোকৰ আগলৈ আহিলে আপোনালোকৰ কি অৱস্থা হ’ব? নিজকে ভক্ত বুলি দাবী কৰিব? আপোনালোকৰ অৱস্থা বেয়া হৈ যাব। ধৰ্মৰ পথত চলিবলৈ শিকক, ঠিকাদাৰী কৰিবলৈ নহয়….জয় শ্ৰী ৰাম।”

Related News