NORTHEAST NOW (Assamese)
অসম

২৬ ডিচেম্বৰত গোৱালপাৰাৰ বালাচাৰী আমগুৰিত ৰাভা শিল্পী সমাৰোহ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা December 24, 2020 8:32 am

অহা ২৬ ডিচেম্বৰত গোৱালপাৰা জিলাৰ আগিয়াৰ নিকটৱৰ্তী বালাচাৰী আমগুৰিত অনুষ্ঠিত হ’ব ৰাভা শিল্পী সমাৰোহ।

প্ৰথম বাৰৰ বাবে ৰাভা শিল্পী সমাজে এই সমাৰোহ অনুষ্ঠিত কৰিব ওলাইছে আৰু ইয়াৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

এই সমাৰোহত ৰাভা জনগোষ্ঠীৰ শিল্পী সকল মিলিত হ’ব।

লগতে এই সমাৰোহত ৰাভা জনগোষ্ঠীয় সংস্কৃতিৰ ৫ গৰাকী লোকক বিশেষ বঁটা দিয়াৰ লগতে ১৫ গৰাকী ৰাভা শিল্পীক ৰাভা সকলৰ গৌৰৱ হিচাপে সম্বৰ্ধিত কৰিব।

২৬ ডিচেম্বৰৰ ৰাতিপুৱাৰে পৰা নিশাৰ ভাগলৈ অনুষ্ঠিত হ’বলগীয়া উক্ত সমাৰোহত সংস্কৃতি প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ৰাভা শিল্পী সমাজে।

এই উপলক্ষে কালি জিলাখনৰ টুকুৰাৰ “হোটেল প্ৰিন্স”ত আয়োজিত এখন সংবাদমেলত ৰাভা শিল্পী সমাজৰ সভাপতি তৰুণ চন্দ্ৰ ৰাভাই সমাৰোহখনিৰ কাৰ্যক্ৰমণিকা দাঙি ধৰে।