NORTHEAST NOW (Assamese)

অসমীয়াৰ আবেগক অপমান : অৱশেষত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল কৰণ জোহৰ

November 15, 2018 6:30 pm · এন ই নাও নিউজ

অসমৰ জাপিক লৈ কৰা অপমান সূচক মন্তব্যৰ বাবে অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল বলীউদৰ বহু জনপ্ৰিয় ছবি পৰিচালক-প্ৰযোজক কৰণ জোহৰ।

বিগত কেইদিন ধৰি ছ’চিয়েল মিডিয়াত কৰণ জোহৰৰ মন্তব্যই খলকনি তোলা দেখা গৈছিল। অসমৰ বহু লোকেও কৰণৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিছু আবেগিক মন্তব্য আগবঢ়াইছিল।

কালাৰ্ছ টেলিভিশ্বনৰ ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ গ’ট টেলেন্টৰ বিচাৰকৰ আসনত বহি অসমৰ জাপি সম্পৰ্কত কৰা বিৰূপ মন্তব্যৰ বাবে ছ’ছিয়েল মিডিয়াত ব্যাপকভাৱে কৰণ জোহৰক ‘ট্ৰ’ল’ কৰা হৈছে।

উল্লেখযোগ্য যে, টেলিভিশ্বন ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ গ’ট টেলেন্টৰ এটা খণ্ডত সহযোগী বিচাৰক কিৰণ খেৰে পিন্ধি অহা জাপিক লৈ কৰণ জোহৰে অপমানজনক মন্তব্য কৰিছিল। কৰণৰ এই মন্তব্যত সহযোগী বিচাৰক কিৰণ খেৰেও কৰণ জোহৰক নিজৰ দেশৰ সংস্কৃতিৰ বিষয়ে নাজানে নেকি বুলি প্ৰশ্ন কৰিছিল।

ইণ্ডিয়াজ গ’ট টেলেন্টত সংঘটিত উক্ত ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত কৰণ জোহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ পৰে।

শ্ব’টোৰ এই ভিডিঅ’টোত কৰণে কিৰণ খেৰে পৰিধান কৰা অসমৰ স্বাভিমানৰ প্ৰতীক জাপিটোৰ বিষয়ে সোধা দেখা গৈছিল। কৰণে সোধাৰ পাছত কিৰণে কয়, ‘’ অৰুণাচল প্ৰদেশৰ লোকে মোৰ বাবে এইটো লৈ আনিছে আৰু তেওঁলোকে তোমাৰ বাবে এইটো আনিছে। তুমি কিয় মূৰত এইটো পিন্ধা নাই?’’

তেতিয়া কৰণে বক্ৰোক্তি কৰি কয়, ‘’ কাৰণ তোমাৰ সাহস আছে, মোৰ নাই।‘’

বিষয়টোক আৰু অলপ তৰল কৰি কৰণে তেতিয়া কিৰণক কৈছিল যে তেওঁক একপ্ৰকাৰৰ কাৱালীত যোগ দিবলৈ যোৱা যেন লাগিছে। ‘’ মই কেনেকৈ এটা বাঁহৰ জাপি লৈ কাৱালী গাবলৈ যাব পাৰো। তুমি কিয় এনেকৈ কৈছা? তুমি এই দেশৰ ৰাজ্যৰ বিষয়ে নাজানা,’’-কিৰণে উভতি ধৰে।

টুইটাৰত এগৰাকী ব্যৱহাৰকাৰীয়ে অসমীয়া আবেগক আঘাত কৰাৰ কৰণৰ অভিপ্ৰায়ক প্ৰশ্ন কৰে। তেওঁ টুইট কৰে, ‘’ কৰণ, জাপি আৰু গামোচা সন্মান আৰু মৰমৰ প্ৰতীক। যেতিয়া কোনোৱে আপোনাক এয়া উপহাৰ দিয়ে,ইয়াক লৈ আপুনি ধেমালি নকৰিব। আপোনাৰ বিডিঅ’টোৱে অসমীয়া মানুহৰ আবেগক আঘাত কৰিছে।‘’

অৱশেষত ছবি নিৰ্মাতা কৰণ জোহৰে অসমবাসীৰ আগত টুইটাৰ যোগে ক্ষমা বিচাৰিলে। টুইটাৰত কৰণে লিখিছে, ‘’আপুনি একেবাৰে সঠিক কথা কৈছে আৰু মই যদি কাৰোবাৰ আবেগক আঘাত দিছো তাৰ বাবে মই ক্ষমা বিচাৰিছো।‘’

Related News