দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে
দ্বিতীয়টো সন্তানৰ মাতৃ হোৱাৰ পাছত কৰীণা কাপুৰ খানে প্ৰথমবাৰৰ বাবে অনুৰাগীসকলৰ মাজলে আহিছে।
ইনষ্টাগ্ৰামত এখন চেল্ফী আপলোড কৰি তেওঁ সকলোকে ‘‘মিছ’’ কৰি থকা বুলি জনায়।
১৫ ফেব্ৰুৱাৰীত দ্বিতীয়টো সন্তানে জন্মলাভ কৰাৰ পাছত অনুৰাগীসকলে কৰীণাৰ শেহতীয়া খবৰৰ বাবে উৎসুকী হৈ আছিল।
আনহাতে, নৱজাত সন্তানটোৰ নাম এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে ৰাজহুৱা কৰা নাই।
দেওবাৰে, কৰীণা আৰু চঈফৰ ঘৰলৈ বন্ধু-বান্ধৱী মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰ গৈছিল। ইয়াৰ পূৰ্বে কৰিশ্মা কাপুৰ, চহা আলী খান, কুনাল খেমুৱে নৱজাত সন্তানটো চাবলৈ গৈছিল।
সন্তানটো চাই আহি কৰীণাৰ বায়েক কৰিশ্মাই এটা ইনষ্টাগ্ৰাম প’ষ্টত লিখিছিল যে দ্বিতীয়বাৰৰ বাবে মাহীয়েক হ’বলৈ পাই তেওঁ আনন্দ অনুভৱ কৰিছে।
উল্লেখযোগ্য যে কৰীণা কাপুৰ আৰু চঈফ আলি খানৰ নৱজাত সন্তানটোৰ উপৰিও টাইমূৰ নামেৰে আন এটা চাৰি বছৰীয়া ল’ৰা আছে।