NORTHEAST NOW (Assamese)
দেশ

কৰ্ণাটকৰ হিজাব বিতৰ্ক: উচ্চতম ন্যায়ালয়ত দুই ন্যায়াধীশৰ বিপৰীত মত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2022 2:24 pm
Karnataka Hijab ban

কৰ্ণাটকৰ বিতৰ্কিত হিজাব নিষেধাজ্ঞা গোচৰৰ আজি শুনানিৰ গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। হিজাব নিষেধাজ্ঞাৰ প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতত দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি আজি দুই বিপৰীত মেৰুত স্থিতি লয় উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াই।

ন্যায়াধীশ হেমন্ত গুপ্তাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ আদেশত সন্মতি জনাই হিজাব নিষিদ্ধকৰণৰ বিৰুদ্ধে দাখিল কৰা আৱেদনসমূহ খাৰিজ কৰাৰ বিপৰীতে ন্যায়াধীশ সুধাংশু ধুলিয়াই আবেদন গ্ৰহণৰ পক্ষত ৰায় দিয়ে।

ন্যায়াধীশ ধুলিয়াই হিজাব পৰিধান ব্যক্তিৰ নিজা পছন্দৰ বিষয় বুলি উল্লেখ কৰি শিক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নিজৰ ৰায়ৰ সপক্ষে যুক্তি দি ধুলিয়াই কয়, “মোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে কন্যা এগৰাকীৰ শিক্ষা। বহু সময়ত কন্যা শিশু এগৰাকীয়ে বিদ্যালয়লৈ যোৱাৰ পূৰ্বে ঘৰুৱা কাম-কাজ কৰিবলগীয়া হয়।” এতিয়া হিজাব নিষিদ্ধ কৰি তেওঁলোকৰ জীৱন ইয়াতকৈ কিবা উন্নত কৰিছো নেকি বুলি প্ৰশ্ন তোলে ধুলিয়াই।

আনহাতে ন্যায়াধীশ গুপ্তাই কৈছিল ধুলিয়াৰ মতৰ বিপৰীত মত পোষণ কৰি আবেদন খাৰিজৰ বাবে ১১ টা বিশেষ প্ৰশ্ন উত্থাপন কৰে আৰু এই প্ৰশ্নৰ উত্তৰ আবেদনকাৰীৰ বিপৰীত বুলি মন্তব্য কৰে।

অৱশ্যে বিপৰীত মতৰ পিছত দুয়োগৰাকী ন্যায়াধীশে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত উপস্থাপন কৰি তিনিজনীয়া বিচাৰপীঠৰ দ্বাৰা শুনানিৰ বাবে সহমতত উপনীত হয়।

উল্লেখ্য যে বিজেপি শাসিত কৰ্ণাটকত ৰাজ্য চৰকাৰে ৫ ফেব্ৰুৱাৰীত শিক্ষানুষ্ঠানৰ চৌহদত ছাত্ৰীসকলক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেইগৰাকীমান মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে ১৫ মাৰ্চত এই আৱেদন খাৰিজ কৰিছিল। হিজাব ইছলামধৰ্মৰ অপৰিহাৰ্য ধৰ্মীয় অনুশীলনৰ অংশ নহয় বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে কৰ্ণাটক ৰাজ্য চৰকাৰৰ সপক্ষত ৰায় দান কৰিছিল।