NORTHEAST NOW (Assamese)
অসম

ভোট গ্ৰহণৰ মাজতে তিনিচুকীয়া, দুলীয়াজানত আই ই দি, ‘বোমা’; তীব্ৰ চাঞ্চল্য

Posted by: এন ই নাও নিউজ April 11, 2019 5:59 pm
ভোট গ্ৰহণৰ মাজতে তিনিচুকীয়া, দুলীয়াজানত আই ই দি, ‘বোমা’; তীব্ৰ চাঞ্চল্য

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দিনাই তিনিচুকীয়াৰ মাকুম আৰু ডিব্ৰুগড়ৰ দুলীয়াজানত উদ্ধাৰ হৈছে এটা “আই ই দি” আৰু “বোমা-সদৃশ” সামগ্ৰী।

বোমা উদ্ধাৰৰ বাতৰিয়ে ভোটগ্ৰহণ চলি থকা জিলা দুখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তিনিচুকীয়াৰ মাকুমস্থিত লাংকাচি মেথলা চাহ বাগিচাত উদ্ধাৰ হোৱা আই ই দিটো সেনাৰ বোমা বিশেষজ্ঞই ইতিমধ্যে নিষ্ক্ৰিয় কৰিছে বুলি জানিব পৰা গৈছে।

আই ই দিটো তেলৰ পাইপ লাইন এটাৰ কাষত উদ্ধাৰ হৈছে। উদ্ধাৰথললৈ লক্ষ্য কৰি আই ই দিটো পাইপ লাইন বিস্ফোৰণৰ বাবে আলফা (স্বাধীন)এ সংস্থাপন কৰিছিল বুলি সন্দেহ কৰিছে নিৰাপত্তা বাহিনীসমূহে।

আনহাতে অইল ইন্দিয়া লিমিটেদৰ মুখ্যালয় থকা দুলীয়াজানত এটা পলিথিনৰ বেগত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা “বোমাসদৃশ” সামগ্ৰী।

সামগ্ৰীটো বোমা হয় নে নহয় সেয়া এতিয়ালৈকে আৰক্ষীয়ে নিশ্চিত কৰা নাই।