NORTHEAST NOW (Assamese)

পৰকীয়াৰ পৰিণতি! পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে

June 26, 2023 3:21 pm · এন ই নাও নিউজ, গুৱাহাটী

বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে ঘটিল এক পৈশাচিক কাণ্ড! প্ৰতিশোধ ল’বলৈ স্বামীয়ে চোকা অস্ত্ৰৰে পত্নীৰ প্ৰেমিকক আক্ৰমণ কৰে। অৱশেষত ডিঙি কাটি পান কৰিলে তেজ। অভিযুক্তৰ এজন বন্ধুৱে এই নৃশংস ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে।

ছ’চিয়েল মিডিয়াত তেজ পানৰ ভিডিঅ’ বিয়পি পৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ১৯ জুনত কৰ্ণাটকৰ চিকবল্লাপুৰা জিলাত সংঘটিত হৈছিল এই ঘটনা। বিজয়ে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীয়ে মৰেশ নামৰ এজন যুৱকৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল।

লগতে পঢ়কঃ তীব্ৰ গতিৰে চলিছিল দৰাযাত্ৰীৰ বাছখন, হঠাৎ চৰকাৰী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ; কমেও ১২ জনৰ মৃত্যু

সেইদিনা বিজয়ে মৰেশক ঘৰৰ ওচৰৰ এখন হাবিলৈ মাতিলে। তেওঁৰ বন্ধু জন তেওঁৰ লগত আছিল। সেই সময়ত বিজয়ে চোকা অস্ত্ৰৰে মৰেশৰ ডিঙি কাটি তেজ খাইছিল। সেই ঘটনাৰ ভিডিঅ’ বনাইছিল জন নামৰ বন্ধুজনে। ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে বিজয়ক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, মৰেশক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কেইদিনমান আগতে তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিছে। ইয়াৰ পিছত মৰেশে বিজয়ৰ নামত থানাত এজাহাৰ দাখিল কৰে।

Related News