NORTHEAST NOW (Assamese)

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক নিৰ্মম আতিশয্য শিক্ষকৰ: ওপৰ মহলাৰ পৰা দলিয়াই হত্যা কৰাৰ অভিযোগ

December 19, 2022 9:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 19, 2022 10:37 pm

প্ৰথমে লোহাৰ ৰডেৰে মৰিয়াই বৰ্বৰ অত্যাচাৰ আৰু তাৰ পাছতে বিদ্যালয় ভৱনৰ প্ৰথম মহলাৰ পৰা তললৈ দলিয়াই নিৰ্মম হত্যা! এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত শিশুক এই বৰ্বৰ আতিশয্য চলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে।

এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকত। ৰাজ্যখনৰ গদাগ জিলাৰ হাডলিন নামৰ এখনি গাঁৱত এগৰাকী অতিথি শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। অভিযুক্ত মুথাপ্পা নামৰ শিক্ষকগৰাকী বৰ্তমান পলাতক হৈ আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি চৰকাৰী আদৰ্শ উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰি আছিল শিক্ষকগৰাকীয়ে। কোনো কথাত খঙত শিক্ষকগৰাকীয়ে ভাৰত বাৰ্কাৰ নামৰ ছাত্ৰগৰাকীক লোহাৰ ৰডেৰে আঘাত কৰিছিল আৰু তেওঁক বিদ্যালয় চৌহদৰ প্ৰথম মহলাৰ পৰা পেলাই দিছিল।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। আনহাতে এই ঘটনাৰ পাছত বিদ্যালয়খনতে শিক্ষকতা কৰা ছাত্ৰগৰাকীৰ মাতৃ গীতা বাৰ্কাৰে অভিযুক্ত শিক্ষকগৰাকীক ৰখাবলৈ চেষ্টা কৰে যদিও বিফল হয়।

এই চেষ্টাৰ সময়ত গীতা বাৰ্কাৰো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত শিক্ষয়ত্ৰীগৰাকী বৰ্তমান স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Related News