NORTHEAST NOW (Assamese)

কংগ্ৰেছ এৰিলে কৌশিক বাগচীয়ে : মল্লিকাৰ্জুন খৰ্গেলৈ পঠালে ৩ পৃষ্ঠাৰ চিঠি

February 28, 2024 12:08 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদ আহিছে কংগ্ৰেছলৈ। এইবাৰ কংগ্ৰেছৰ জনপ্ৰিয় নেতা কৌস্তব বাগচিয়ে ত্যাগ কৰিছে দল। কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো এৰিলে কৌশিক বাগচীয়ে

বাৰাকপুৰৰ নেতাগৰাকীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ তিনি পৃষ্ঠাৰ এখন পত্ৰ প্ৰেৰণ কৰিছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ লগত লগত জড়িত হৈ আছিল নেতাগৰাকী। 

কৌস্তৱে দাবী কৰে যে তেওঁ আত্মসন্মানেৰে কংগ্ৰেছত থকাটো সম্ভৱ নহয়। সেই কথাও তেওঁ চিঠিখনত উল্লেখ কৰিছে। দলৰ সভাপতিৰ উপৰিও তেওঁ চিঠিখনৰ প্ৰতিলিপি বংগ কংগ্ৰেছৰ সভাপতি তথা কেন্দ্ৰীয় পৰ্যবেক্ষকলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা বছৰ কংগ্ৰেছ নেতা কৌস্তৱক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছিল। পিছত অৱশ্যে জামিন লাভ কৰিছিল নেতাগৰাকীয়ে। ইয়াৰ পিছতেই তৃণমূলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ বিৰোধিতা কৰিছিল বাগচীয়ে। এই মিত্ৰতাৰ বিৰোধিতা কৰাৰ বাবে দলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ খবৰো লাভ কৰিছিল নেতাগৰাকীয়ে।

যোৱা ১৪ বছৰৰ ধৰি কংগ্ৰেছ দলেৰে জড়িত হৈ আছে নেতাগৰাকী। ২০০৪ চনৰ পৰা কংগ্ৰেছৰ সৈতে কৌস্তভৰ। 

কৌস্তভৰ দল ত্যাগৰ পিছত ৰাজনৈতিক মহলে দাবী কৰিছে যে কংগ্ৰেছ এতিয়া অস্বস্তিত পৰিব কাৰণ তেওঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে দল এৰিলে। 

খৰ্গেলৈ দিয়া চিঠিখনত কৌস্তভে লিখিছে, ‘১৪ বছৰ বয়সৰ পৰাই মই হাফপেণ্ট পিন্ধি মই বাৰাকপুৰৰ কংগ্ৰেছ দলৰ কাৰ্যালয়লৈ গৈছিলোঁ। সকলোৱে মোক ‘বাচ্চা কংগ্ৰেছ’ বুলি মাতিছিল। তেতিয়াৰ পৰা বহু দূৰ আগবাঢ়িছো। এটা সময়ত মই কংগ্ৰেছ সেৱাদল, ছাত্ৰ পৰিষদ, যুৱ কংগ্ৰেছ কৰিছিলো। বহু যাত্ৰাৰ অন্তত মই পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সদস্য হলো। মই কংগ্ৰেছৰ মুখপাত্ৰ হৈ পৰিলোঁ। সদায় দলৰ বাবে কাম কৰিছিল। বিনিময়ত দলৰ পৰা কেতিয়াও একো ঘূৰাই পোৱাৰ আশা কৰা নাছিলো।”

Related News