NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱসত কাজিৰঙাত কৰ্মৰত প্ৰবীণ বনকৰ্মীক কৰ্তৃপক্ষৰ সম্বৰ্ধনা

August 15, 2018 7:26 pm · উত্তম শইকীয়া

সমগ্ৰ দেশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাতত থকা সঞ্চালকৰ কাৰ্য্যলয়তো ব্যতিক্ৰমী কাৰ্যসূচীৰে ৭২ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷

পুৱাতেই আয়োজিত এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুদীৰ্ঘ ২০ বছৰ বা তাতোকৈ অধিক দিন কৰ্মৰত শতাধিক বনকৰ্মীক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানৰ আৰম্ভণীতেই বন সুৰক্ষা বাহিনীৰ অভিবাদন গ্ৰহণ কৰি কাজিৰঙাৰ সঞ্চালক আকাশ দ্বীপ বৰুৱাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক ৰিতুপৱন বৰা, ডি বি সঞ্জীৱ, ভাস্কৰ জ্যোতি বৰগোহাঁইৰ লগতে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া উপস্থিত থাকে।

অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত প্ৰবীণ বনকৰ্মী সকলক কৰ্তৃপক্ষৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছা আৰু সঁফুৰাৰে সম্বৰ্ধনা জনোৱা হয়।

Related News