NORTHEAST NOW (Assamese)

প্ৰতিবাদকাৰী কৃষকৰ সুবিধাৰ্থে সিংঘু সীমান্তত অৰবিন্দ কেজৰিৱালৰ বিনামূলীয়া WiFi

December 30, 2020 10:25 am · এন ই নাও নিউজ

দিল্লীৰ সিংঘু সীমান্তত আন্দোলন কৰি থকা কৃষকসকলৰ সুবিধাৰ বাবে ৱাইফাই হটস্পট স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰে।

দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা পঞ্জাৱৰ সহ-প্ৰভাৰী ৰাঘৱ চদ্ধাই এই কথা ঘোষণা কৰি কয় যে দলটোৰ প্ৰধান তথা মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অন্যান্য মন্ত্ৰী-বিধায়কে ঘনে ঘনে সিংঘু সীমান্তলৈ আহি আছে।

প্ৰতিবাদকাৰী কৃষকসকলে সিংঘু সীমান্তত নেটৱৰ্কৰ সমস্যা তথা অন্যান্য বিষয়ত সমস্যা পোৱা বুলি আম আদমি পাৰ্টিক অভিযোগ দিছিল।

মুখপাত্ৰগৰাকীয়ে লগতে কয়, ‘কেজৰিৱালে কম্বল, পানীৰ লগতে প্ৰায় সকলো জৰুৰী সুবিধাৰ ব্যৱস্থা কৰি দিছে। এতিয়া কেজৰিৱালে ফ্ৰী ৱাইফাইৰ ব্যৱস্থাও কৰি দিছে যাতে আমাৰ কৃষক বন্ধুসকলে পৰিয়ালৰ লোকৰ সৈতে অসুবিধা নোপোৱাকৈ কথা-বতৰা পাতিব পাৰে’।

ৰাঘৱে লগতে কয়, ‘ঘৰৰ পৰা দূৰত কৃষকে হওক বা জোৱান, তেওঁলোকৰ সবাটোকৈ ডাঙৰ শক্তিয়েই হৈছে তেওঁলোকৰ পৰিয়াল। এই কথা আমাৰ দল আৰু কেজৰিৱালে অন্তৰৰ পৰা উপলব্ধি কৰি এই সুবিধা সমূহৰ ব্যৱস্থা কৰি দিয়া হৈছে’।

Related News