NORTHEAST NOW (Assamese)

অসহায় কেজৰিৱাল; কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে সেনা বাহিনীৰ সহায় বিচাৰি অমিত শ্বাহলৈ পত্ৰ

June 24, 2020 9:21 am · এন ই নাও নিউজ

দেশৰ ৰাজধানী দিল্লীত ক’ৰ’না সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপায়বিহীন হৈ মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ সেনা বাহিনীৰ সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে।

অৰবিন্দ কেজৰিৱালে পত্ৰত গৃহ মন্ত্ৰী অমিত শ্বাহক চত্ৰপুৰত থকা ১০,০০০ বিছনাযুক্ত কোভিড-১৯ কেয়াৰ কেন্দ্ৰলৈ ইণ্ডো-তিব্বত বোৰ্ডাৰ পুলিচ আৰু ভাৰতীয় সেনা বাহিনীৰ পৰা চিকিৎসক আৰু নাৰ্চ নিয়োগ কৰাৰ বাবে অনুৰোধ কৰে।

আনহাতে, অৰবিন্দ কেজৰিৱালৰ পত্ৰৰ উত্তৰত গৃহ মন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে ভাৰতীয় সেনা বাহিনী আৰু ইণ্ডো-তিব্বত বোৰ্ডাৰ পুলিচৰ সৈতে এই সম্পৰ্কত আলোচনা কৰিছে বুলি কয়।

শ্বাহে ২৬ জুনৰ পৰা আই টি বি পি আৰু ভাৰতীয় সেনা বাহিনীৰ অভিজ্ঞ চিকিৎসক আৰু নাৰ্চে সেৱা আগবঢ়াব বুলিও কেজৰিৱালক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, দিল্লীত ক’ৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণাধীন হৈ পৰাৰ পাছতে মুখ্য মন্ত্ৰী কেজৰিৱালে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে ভালেকেইখন বৈঠকত অংশগ্ৰহণ কৰে।

মঙলবাৰে কেজৰিৱালে দিল্লীত কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে একেলগে কাম কৰি আছে বুলিও মন্তব্য প্ৰকাশ কৰিছিল।

Related News