NORTHEAST NOW (Assamese)

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ

June 29, 2024 6:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 29, 2024 5:44 pm

সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো আজি আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অনিয়ম সংঘটিত কৰাৰ অভিযোগ আৰু অবৈধভাৱে ধনৰ সৰবৰাহ কৰাৰ ভুৱা গোচৰত ইডি আৰু চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনৰ সন্মুখত আপৰ বহুসংখ্যক নেতা তথা স্বেচ্ছাসেৱকে বিক্ষোভ প্ৰদৰ্শন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে কয়- ” কোনো তথ্য প্ৰমাণ অবিহনে এটা ভুৱা গোচৰত আমাৰ দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰীক কাৰাবন্দী কৰি ৰাখিছে। বিজেপিয়ে দলৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ইডি আৰু চিবিআইক ব্যৱহাৰ কৰিছে। শাসক দলে ইডি চিবিআইৰ জৰিয়তে বিৰোধী শক্তিৰ কণ্ঠ ৰোধ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। আমি ইয়াৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। “

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা দিয়াৰ মাজতে বহুসংখ্যক আপৰ কৰ্মীয়ে কেজৰিৱালক মুক্তি দিয়ক‘, মোদী চৰকাৰৰ স্বৈৰতন্ত্ৰ নিপাত যাওক‘,’ তানাছাহী নেহী চলেগাআদি শ্লোগান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, ” বিগত তিনি মাহ ধৰি আমাৰ দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে। দিল্লীৰ ৰাউছ এভেনিউ আদালতে অবৈধ ভাৱে ধন সৰবৰাহৰ কোনো তথ্য প্ৰমাণ নোপোৱাৰ বাবে কেজৰিৱালৰ জামিনৰ নিৰ্দেশ দিছিল। কিন্তু ইডিয়ে উচ্চ ন্যায়ালয়ৰ কাষ চপাত আদালতে কেজৰিৱালৰ জামিনৰ ক্ষেত্ৰত স্থগিতাদেশ দিয়ে। তাৰ পাছতে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে জেলৰ ভিতৰতে চিবিআয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। দুৰ্নীতিৰ কোনো প্ৰমাণ নথকা স্বত্বেও এনেদৰে দেশৰ জনপ্ৰিয় নেতা তথা এগৰাকী নিৰপৰাধী ব্যক্তিক বিজেপিৰ নিৰ্দেশত ইডি, চিবিআয়ে নিৰ্যাতন চলাইছে। দেশত বিজেপিৰ মন্ত্ৰীসকলে শ শ টকাৰ কেলেংকাৰী কৰিছে। কিন্তু ষড়যন্ত্ৰৰ বলি হৈছে অৰবিন্দ কেজৰিৱাল। আমি কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু আশা কৰিছোঁ যে শীঘ্ৰেই প্ৰিয় নেতাগৰাকী জেলৰ পৰা মুকলি হৈ আহিব।”

Related News