NORTHEAST NOW (Assamese)

ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ! ক্ষোভত ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত কেৰালাৰ পৰিচালকৰ

December 11, 2021 8:08 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: December 11, 2021 8:13 pm

ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত চিডিএছ বিপিন ৰাৱাট, তেওঁৰ পত্নীকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু হোৱাৰ ঘটনাই ভাৰতৰ লগতে বিশ্বজুৰি শোকৰ ছাঁ পেলোৱাৰ সময়তে একাংশ লোকে আকৌ ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ কৰাৰ দৰে নিকৃষ্ট কাণ্ডতো জৰিত হৈ পৰিছে।

ইতিমধ্যে আৰক্ষীয়ে ৰাৱাটৰ মৃত্যুত ছ’চিয়েল মিডিয়াত স্মাইলী চিহ্ন দিয়া একাধিক লোকক গ্ৰেপ্তাৰো কৰিছে।

সমাজৰ একাংশ লোকৰ , বিশেষকৈ এটা বিশেষ ধৰ্মৰ একাংশ লোকে ৰাৱাটৰ মৃত্যুত ছ’চিয়েল মিডিয়াত আনন্দ প্ৰকাশ কৰা ঘটনাত গভীৰ দুখ অনুভৱ কৰিছে কেৰালাৰ প্ৰখ্যাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি পৰিচালক আলি আকবৰে।

একাংশ ইছলামধৰ্মীলোকে ৰাৱাটৰ মৃত্যুত ছ’চিয়েল মিডিয়াৰ পোষ্টত স্মাইলী চিন দিয়াৰ প্ৰতিবাদতে আলি আকবৰ আৰু তেওঁৰ পত্নী লাকিআম্মাই ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে।

এই বিষয়ে প্ৰসিদ্ধ পৰিচালকগৰাকীয়ে এটা ভিডিঅ’ত এইবুলি কৈছে যে জন্মৰ পিছৰে পৰাই তেওঁ যি ধৰ্মৰ ওপৰত আস্থা ৰাখি আহিছিল সেই ধৰ্মৰেই একাংশ লোকে এনে আচৰণ কৰাত তেওঁ মৰ্মাহত হৈছে।

সেয়ে তেওঁ আৰু তেওঁৰ পত্নীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে।

ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ কৰা সকলক তেওঁ দেশদ্ৰোহী আখ্যাও দিয়ে। উল্লেখ্য ৰাৱাটৰ মৃত্যুৰ পিছতে পৰিচালক আলি আকবৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল।

সেই পোষ্টৰ কমেণ্টত বহুতে সমবেদনা জনোৱাৰ লগতে বহুতে আকৌ স্মাইলী চিন দিছিল। স্মাইলী চিন দিয়াসকল আছিল বিশেষ ধৰ্মৰ লোক ।

সেই ক্ষোভতে পৰিচালক আকবৰ আৰু তেওঁৰ পত্নীয়ে নিজৰ ধৰ্মই ত্যাগ কৰিব বুলি ঘোষণা কৰিছে।

Related News