NORTHEAST NOW (Assamese)

খেল’ ইণ্ডিয়াত ব্যক্তিগত পঞ্চমটো সোণৰ পদক আঁজুৰিলে সন্তৰণবিদ শিবাংগী শৰ্মাই

January 21, 2020 6:17 pm · এন ই নাও নিউজ
শিবাংগী শৰ্মা

গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া য়ুথ গেইমছত ব্যক্তিগত পঞ্চমটো স্বৰ্ণ পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ শিৱাংগী শৰ্মাই।

চাঞ্চল্যকৰ প্ৰদৰ্শন অব্যাহত ৰখা শিৱাংগীয়ে আজি ২১ অনূৰ্ধ্বৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ পদক অৰ্জন কৰে।

চমকপ্ৰদ গতিৰে ১০০, ২০০, ৪০০, ৮০০ আৰু ৫০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ জয় কৰা শিৱাংগীয়ে মহিলাৰ ৰীলেত লাভ কৰিছে অসমৰ হৈ ৰূপৰ পদক।

প্ৰতিযোগিতাখনত এই পৰ্যন্ত শিৱাংগীয়ে পাঁচটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদকেৰে মুঠ সাতটা পদক অৰ্জন কৰিছে।

এই পৰ্যন্ত ১৫ টা স্বৰ্ণ, ২৭ টা ৰূপ আৰু ১৮ টা ব্ৰঞ্জ সহ মুঠ ৬০ টা পদকেৰে পদক তালিকাৰ ষষ্ঠ স্থানত আছে আয়োজক ৰাজ্য অসম।

আনহাতে, মহাৰাষ্ট্ৰই ৭১ টা স্বৰ্ণ, ৬৪ টা ৰূপ আৰু ৮৭ টা ব্ৰঞ্জৰ পদক সহ মুঠ ২২২ টা পদকেৰে পদক তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে হাৰিয়ানাই ৫৩ টা স্বৰ্ণ, ৪৪ টা ৰূপ আৰু ৫৪ টা ব্ৰঞ্জৰ পদক সহ মুঠ ১৫১ টা পদকেৰে দ্বিতীয় স্থানত আছে।

Related News