NORTHEAST NOW (Assamese)

থাইলেণ্ডৰ ৰজাৰ পত্নীৰ নগ্ন ফ’টো ভাইৰেল : প্ৰাক্তন তিনি পত্নী জড়িত!; কোনে কৰিলে ভাইৰেল?

December 24, 2020 8:11 am · এন ই নাও নিউজ
Updated: December 24, 2020 8:19 am

থাইলেণ্ডৰ ৰজাৰ জীৱন সংগীৰ নগ্ন ফ’টো ভাইৰেল হৈছে। ১৪ শৰো অধিক নগ্ন তথা আপত্তিজনক ফ’টো ভাইৰেল হোৱা ঘটনাটোত ৰাজ পৰিয়ালৰ কোনো লোক ইয়াত জড়িত থকাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে থাইলেণ্ডৰ ৰজা মহা ভজিৰালেঙ্কনৰ ইয়াৰ পূৰ্বেও তিনিগৰাকী পত্নী আছিল। সেই তিনি পত্নীৰ ফালৰ পৰা ৰজা ভজিৰালেঙ্কনৰ সাতটি সন্তানো আছে। ইতিমধ্যে ৰজা ভজিৰালেঙ্কনে তেওঁলোকক বিবাহ বিচ্ছেদো দিছে।

আক্ৰোশৰ পূৰণৰ বাবে সেই তিনি প্ৰাক্তন পত্নীৰে কোনোবাই এই কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে।

চতুৰ্থ পত্নী ছিনিনাত ৱায়ংবাজিৰাপকডিৰ আপত্তিজনক তথা নগ্ন ফ’টোসমূহ ভাইৰেল হোৱাৰ পিছতে ৰাজ পৰিয়ালৰ অন্দৰ মহলত যে হিংসা-প্ৰতিহিংসাৰ এখন যুঁজ চলি আছে সেয়া স্পষ্ট হৈ পৰিছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।

জানিব পৰা মতে উক্ত আপত্তিজনক তথা নগ্ন ফ’টোসমূহ ব্ৰিটিছ সাংবাদিক এণ্ড্ৰু মেকগ্ৰেগৰ মাৰ্শ্বাললৈ প্ৰেৰণ কৰা হৈছিল।

সাংবাদিক মাৰ্শ্বাল থাই ৰাজ পৰিবাৰ দুৰ্ঘোৰ বিৰোধী বুলি পৰিচিত। তেওঁ উক্ত ফ’টো লাভ কৰা পিছত নিজৰ ফেইচবুক একাউন্টত প’ষ্ট কৰি ভাইৰেল কৰি দিয়ে।

সাংবাদিক মাৰ্শ্বালৰ দাবী যে এই আপত্তিজনক তথা নগ্ন ফ’টোবোৰ ছিনিনাতে তিনিটা আইফোনৰ জৰিয়তে নিজেই তুলিছিল। ছবিসমূহ ২০১২ৰ পৰা ২০১৪ চনত তোলা বুলিও দাবী কৰিছে মাৰ্শ্বালে।

১,৪৪৩ খন আপত্তিজনক তথা নগ্ন ফ’টো থকা এখন এছডি কাৰ্ড তিনি মাহ মান পূৰ্বে তেওঁৰ ঠিকনাত কোনোবাই প্ৰেৰণ কৰিছিল বুলিও দাবী কৰিছে সাংবাদিক মাৰ্শ্বালে।

স্মৰ্তব্য যে ৬৮ বছৰীয়া থাইলেণ্ডৰ ৰজা ভজিৰালেঙ্কনৰ ৩৫ বছৰীয়া বান্ধৱী ছিনিনাতৰ সৈতে থকা বিবাহবহিভূত সম্পৰ্কক যোৱা বছৰৰ আগষ্ট মাহত বিবাহৰ ৰূপ দিছিল। ইয়াৰ পূৰ্বে ছিনিনাত পেচাগত হিচাপে এগাকী নাৰ্ছ আছিল আৰু তাৰ মাজতে ৰজাৰ দেহৰক্ষী হিচাপেও কাম কৰিছিল।

ৰজাৰ চতুৰ্থ গৰাকী পত্নীৰ আপত্তিজনক তথা নগ্ন ফ’টোসমূহ ভাইৰেল হোৱাৰ লগে লগে থাইলেণ্ডত আলোড়নৰ সৃষ্টি হৈছে।

Related News