ৰাষ্ট্ৰীয় পথৰ দলং মেৰামতিৰ দাবীত কৃষ্ণাইত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ; আৰক্ষীৰ বাধা
ফটো: নৰ্থইষ্ট নাও
গোৱালপাৰাৰ কৃষ্ণাইৰ নৈৰ ওপৰত থকা দলং খন বিকল হৈ পৰি থকা তিনিবছৰ অতিক্ৰম কৰাৰ পাছতো চৰকাৰ প্ৰশাসন তথা ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ কেইবাশতাধিক সদস্যই এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
প্ৰতিবাদকাৰী দলটোৱে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিবলৈ অগ্ৰসৰ হয় যদিও আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীসকলক ৰাষ্ট্ৰীয় পথটোৰ কাষতে আৱদ্ধ কৰি ৰাখে ৷
উল্লেখযোগ্য যে ২০১৬ চনতে এক ভয়ংকৰ বানপানীয়ে দলংখনৰ এটা মূৰ ভাঙি পেলাইছিল আৰু তেতিয়াৰ পৰা গুৱাহাটীৰ সতে নামনি অসমৰ লগতে বংগ আৰু মেঘালয়ৰ সৈতে যোগাযোগত বিজুতি ঘটিছিল ৷
আৱশ্যক এখন ব্ৰেইলী দলং দিছে যদিও দলংখন পাৰ হ’বলৈ কৃষ্ণাই নৈৰ ওপৰত ঘন্টাৰ পিছত ঘন্টা ৰৈ থাকিব লাগে।