NORTHEAST NOW (Assamese)

HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

June 6, 2023 10:03 am · এন ই নাও নিউজ, গুৱাহাটী

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২৩ৰ ফলাফল।

বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে নন ইনষ্টিটিউশ্যনেল প্ৰাইভেট শিক্ষাৰ্থী নিখিলেশ দত্তই। তেওঁ মুঠতে ৪৮৪ নম্বৰ লাভ কৰিছে।

আনহাতে, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ক্ৰমে অৰিজিত ৰয়, বিশ্বজ্যোতি দাস আৰু ঋষভ উপাধ্যায় দ্বিতীয় স্থান লাভ কৰিছে। তেওঁলোকে মুঠ ৪৮২ নম্বৰ লাভ কৰিছে।

সেইদৰে, তৃতীয় স্থান লাভ কৰিছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই। তেওঁ মুঠতে ৪৭৯নম্বৰ লাভ কৰিছে।

চতুৰ্থ স্থান পাইছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সত্যজিত কামানে। তেওঁ মুঠতে ৪৭৮ নম্বৰ লাভ কৰিছে।

পঞ্চম স্থান লাভ কৰিছে চৰাইদেউৰ এলিট একাডেমীৰ গৌৰাংগজিত গগৈয়ে। তেওঁ মুঠতে ৪৭৪ নম্বৰ লাভ কৰিছে।

ষষ্ঠ স্থান পাইছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰ্গৱ শিবমে। তেওঁ মুঠতে ৪৭৩ নম্বৰ লাভ কৰিছে।

সপ্তম স্থানত আছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিকাশ জ্যোতি চহৰীয়া।তেওঁ মুঠতে ৪৭২ নম্বৰ লাভ কৰিছে।

অষ্টম স্থান পাইছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শতৰূপা বৰকাকতিয়ে। তেওঁ মুঠতে ৪৭১ নম্বৰ লাভ কৰিছে।

নৱম স্থান পাইছে একেলগে কটন বিশ্ববিদ্যালয়ৰ ছায়ন পড্ডাৰ; আলফা বেটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ হিমানীশ দত্ত আৰু শিৱসাগৰ নাজিৰাৰ বেদ একাডেমিৰ কাশ্যপ গগৈ। তেওঁলোকে মুঠতে ৪৭০ নম্বৰ লাভ কৰিছে।

আনহাতে, দশম স্থান পাইছে ধুবুৰীৰ শিশু পাঠশালা এইছ এছ স্কুলৰ নবীন সাহাই। তেওঁ মুঠতে ৪৬৯ নম্বৰ লাভ কৰিছে। 

Related News