NORTHEAST NOW (Assamese)

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিৰূপ মন্তব্য :কেন্দ্ৰীয় মন্ত্ৰী বিশ্বেশ্বৰ টুডুক উভতি ধৰিলে যুৱ ছাত্ৰ সন্মিলনীয়ে

December 15, 2021 2:23 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: December 15, 2021 2:24 pm

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিশেশ্বৰ টুডুৱে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা মন্তব্যক ধিক্কাৰ দিছে সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷

কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই এক প্ৰেছ বিবৃতিযোগে কয় যে ১৯৯৬ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল৷

চৰকাৰে মৰ্যাদা প্ৰদানৰ পিছতো সেই জনগোষ্ঠীৰ জনজাতীয় বৈশিষ্ট্যতা আছে নে নাই সেই প্ৰশ্ন কৰাটো হাস্যকৰ ৷

ভাৰতবৰ্ষত সৰ্বমুঠ ৬৪৫ টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰি আছে৷ কেৱল মডেলিটিৰ নামত বিগত ২৫ বছৰে কেন্দ্ৰ আৰু ৰাজ্যত অধিষ্ঠিত চৰকাৰে কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নকৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি বিষয়টোক ৰাজনৈতিক মেৰপাক দিয়াহে পৰিলক্ষিত হৈছে ৷

ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ প্ৰতি থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনৰ দায়িত্ব কিমান বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

 লগতে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে আগন্তুক গ্ৰীষ্মকালীন অধিৱেশনৰ আগতে যদি চৰকাৰে জনগোষ্ঠীটোৰ মূল দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন প্ৰক্ৰিয়া সম্পন্ন নকৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে৷

Related News