NORTHEAST NOW (Assamese)

প্ৰখ্যাত আলোচনী উইজডেনে ঘোষণা কৰিলে ধোনী-ৰোহিত বিহীন দশকৰ শ্ৰেষ্ঠ টি-২০ দল

December 31, 2019 12:56 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰখ্যাত আলোচনী উইজডেনে নিৰ্বাচন কৰা দশকটোৰ শ্ৰেষ্ঠ টি-২০ দলত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ আগেয়ে উইজডেনে নিৰ্বাচন কৰা এদিনীয়া আৰু টেষ্ট দলটোতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বিৰাট কোহলী।

দশকটোৰ শ্ৰেষ্ঠ টি-২০ দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে অষ্ট্ৰেলিয়াৰ এৰন ফিন্সক।

এই দলটোৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে সকলো আশ্চৰ্যকৰ হোৱা পৰিলক্ষিত হৈছে। কিয়নো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু বিস্ফোৰক অপেনাৰ ৰোহিত শৰ্মাৰ নাম নাই দশকটোৰ শ্ৰেষ্ঠ টি-২০ দলটোত।

বিৰাট কোহলী সন্দৰ্ভত আলোচনীখনে কয়, ‘ঘৰুৱা টি-২০ টুৰ্ণামেণ্টত কোহলীৰ প্ৰদৰ্শন খুব এটা সন্তোষজনক নহ’লেও আন্তৰাষ্ট্ৰীয় স্তৰত তেওঁৰ গড় ৫৩, যিটো এই দশকৰ সৰ্বশ্ৰেষ্ঠ। তেওঁৰ ষ্ট্ৰাইকৰেট কিছু কম হ’লেও ঠিক হাৰতে ৰান সংগ্ৰহ কৰে’।

উইজডেন আলোচনীখনে দশকটোৰ পাঁচগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰো বাচনি কৰি উলিয়াইছে, য’ত বিৰাট কোহলীও আছে। কোহলীৰ উপৰি আছে ষ্টিভ স্মিথ, ডেল ষ্টেইন, এ বি ডি ভিলিয়াৰ্ছ আৰু এলিছে পেৰী।

উইজডেনৰ দশকটোৰ সৰ্বেশ্ৰেষ্ঠ টি-২০ দলটো হ’ল- এৰন ফিন্স(অধিনায়ক), কোলিন মুনৰো, বিৰাট কোহলী, চেন ৱাটছন, গ্লেন মেক্সৱেল, জছ বাটলাৰ, মোহম্মদ নবী, ডেভিদ ৱিলে, ৰাছিদ খান, যশপ্ৰীত বুমৰাহ আৰু লাছিথ মালিংগা।

Related News