NORTHEAST NOW (Assamese)

অসমৰ পৰৱৰ্তী মুখ্য সচিব পদত অসমীয়া প্ৰশাসনিক বিষয়া কুমাৰ সঞ্জয় কৃষ্ণ

December 24, 2019 3:24 pm · এন ই নাও নিউজ
ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ। ফাইল ফটো

কুমাৰ সঞ্জয় কৃষ্ণক অসমৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন মুখ্য সচিব নিযুক্তিৰ ফাইলটোত অনুমোদন জনাইছে।

কুমাৰ সঞ্জয় কৃষ্ণই বৰ্তমানৰ মুখ্য সচিব আলোক কুমাৰৰ স্থানত স্থলাভিষিক্ত হ’ব। মুখ্য সচিব আলোক কুমাৰে অহা ৩১ ডিচেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব।

নতুন মুখ্য সচিব হিচাপে নিযুক্তি পোৱা কুমাৰ সঞ্জয় কৃষ্ণ ১৯৮৫ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ এগৰাকী আই এ এছ বিষয়া।

ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ এগৰাকী অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা কুমাৰ সঞ্জয় কৃষ্ণ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে সুপৰিচিত।

তেওঁ অবিভক্ত কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কুমাৰ সঞ্জয় কৃষ্ণই য়ু পি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ডেপুটেশ্যনত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব পদটো কাৰ্যনিৰ্বাহ কৰিছিল।

বৰ্তমান তেওঁ অসম চৰকাৰৰ গৃহ, ৰাজনৈতিক, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য আৰু জনসংযোগ তথা ছপা আৰু মুদ্ৰণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছিল।

ৰাজ্যখনৰ বৰ্তমান জটিল পৰিস্থিতিৰ সময়ত এগৰাকী সুদক্ষ অসমীয়া প্ৰশাসনিক বিষয়াই ৰাজ্যৰ আমোলাসকলৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাটো যথেষ্ট ভাল খবৰ হিচাপে বিবেচিত হৈছে।

Related News