NORTHEAST NOW (Assamese)

বীভৎস! এইবাৰৰ বলাৎকাৰৰ বলি হ’ল এজনী মাইকী কুকুৰ

November 7, 2020 4:56 pm · এন ই নাও নিউজ

দেশত প্ৰতি নিয়ত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাই থকাৰ সময়তে কুকুৰৰ দৰে অমাতৰ জীৱো সাৰি যোৱা নাই বলাৎকাৰীৰ হাতৰ পৰা।

মুম্বাইত শেহতীয়াকৈ সংঘটিত হৈছে এক ঘৃণনীয় ঘটনা। পশ্চিম মুম্বাইৰ মুলন্দ নামৰ অঞ্চলটোত এজনী মাইকী কুকুৰক এজন ৩০ বছৰীয়া লোকে বলাৎকাৰ কৰাৰ কথাই সকলোকে স্তম্ভিত কৰি তুলিছে।

যোৱা নিশা মুলন্দৰ এটা পাৰ্কিঙত শোঙনাথ সৰোজ নামৰ লোকজনে পাৰ্কিঙতে থকা বগা ৰঙৰ মাইকী কুকুৰজনীক মুখ বান্ধি বলাৎকাৰ কৰে।

পাৰ্কিঙৰ এটা সৰু কোঠাৰ ভিতৰত সংঘটিত এই ঘটনা যেতিয়া পোহৰলৈ আহে তেতিয়ালৈকে লোক জনে সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়।

বলাৎকাৰৰ বলি হোৱা কুকুৰ জনীয়ে যন্ত্ৰণাত কেকাই থকা শুনিবলৈ পাই পাৰ্কিঙৰ নিৰাপত্তাৰক্ষীয়ে কোঠাটোলৈ যায় আৰু কুকুৰ জনীক তেজেৰে লুতুৰি-পুতৰি হৈ থকা দেখিবলৈ পায়।

নিৰাপত্তাৰক্ষী কেইজনে কুকুৰ জনীৰ লগত কেনে ঘটনা সংঘটিত হৈছে সেয়া লগে লগে অনুমান কৰিবলৈ সক্ষম হয়।

মুলন্দৰ প্ৰকৃতিপ্ৰেমী লোক ব্ৰীজ ভানছালিৰ প্ৰচেষ্টাত কুকুৰ জনীক স্থানীয় পশু চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত আজি আৰক্ষীয়ে অভিযুক্ত শোভনাথ সৰোজক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related News