NORTHEAST NOW (Assamese)
Popular Stories

অৰ্থৰ অভাৱ! ৫ মহীয়া কেঁচুৱা ৪ হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 7, 2024 8:50 pm

ত্ৰিপুৰাৰ বিশালগড় মহকুমাৰ অন্তৰ্গত কৈয়াধেপা গাঁৱত ৫ মহীয়া কেঁচুৱাক ৪ হাজাৰ টকাত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ খবৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ছেপাহিজালা জিলা প্ৰশাসনে।

জিলা দণ্ডাধীশ সিদ্ধাৰ্থ শিৱ জয়ছোৱালে এখন অসমীয়া সংবাদপত্ৰক নিশ্চিত কৰে যে গোচৰৰ তথ্য পৰীক্ষা কৰিবলৈ তদন্তকাৰী দল প্ৰেৰণ কৰা হৈছে। জয়ছোৱালে কয়-‘এই বিষয়টোৰ তদন্ত চলি আছে। প্ৰতিবেদন সঠিক নে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি দল গঠন কৰিছো। যদিহে বিক্ৰী নিশ্চিত হয়, তেন্তে যিমান পাৰি সোনকালে শিশুটিক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

প্ৰাথমিক খবৰ অনুসৰি ৰত্ন বাউলী নামৰ মাতৃগৰাকীৰ ইতিমধ্যে দুটা সন্তান আছে আৰু চৰম আৰ্থিক দুৰ্দশাৰ বাবে তৃতীয় সন্তান বিক্ৰীৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় সূত্ৰই দাবী কৰিছে যে বৃদ্ধি পোৱা পৰিয়ালটোক পোহপাল দি ৰাখিব নোৱাৰি ৰত্নে নিজৰ কেঁচুৱা ল’ৰাটোৰ উন্নত ভৱিষ্যত নিশ্চিত কৰাৰ আশাত এই কঠিন সিদ্ধান্ত লৈছিল।