NORTHEAST NOW (Assamese)

নাই পৰ্যাপ্ত শিক্ষক, মৌলিক সা-সুবিধা: বিধানসভাত খোদ শিক্ষামন্ত্ৰীয়ে উদঙালে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ স্বৰূপ

December 22, 2022 9:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 22, 2022 10:37 pm

কেনে আছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ড! ব্যক্তিগত বিদ্যালয়ৰ জয়জয়কাৰ পৰিৱেশৰ সময়ত চৰকাৰী বিদ্যালয়ৰ পৰিস্থিতি কেনে! চৰকাৰৰ দ্ৰুত বিকাশৰ চমৎকাৰী পৰশে স্পৰ্শ কৰিছে নে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত? ৰাজ্যৰ শিক্ষামন্ত্ৰীয়েই দাঙি ধৰিছে এই প্ৰশ্নসমূহৰ উত্তৰ।

আজি বিধানসভাত প্ৰশ্নোত্তৰ কালত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দাঙি ধৰিছে চৰকাৰী শিক্ষাখণ্ডৰ স্বৰূপ। শিক্ষামন্ত্ৰীৰ তথ্য অনুসৰি অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত বিৰাজমান শিক্ষক নাটনিৰ সমস্যা; হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় ভুগিছে বিদ্যুৎ, খোৱাপানী আৰু শৌচাগাৰৰ দৰে মৌলিক সা-সুবিধাসমূহৰ অভাৱত।

বিধানসভাত শিক্ষামন্ত্ৰী পেগুৱে জানিবলৈ দিয়া মতে ৰাজ্যৰ ২৯৭৯ খন বিদ্যালয় চলিছে মাত্ৰ এগৰাকী শিক্ষকেৰে। আনহাতে ১৫,১৬১ খন বিদ্যালয় দুগৰাকী শিক্ষক, ৮২০৭ খন বিদ্যালয় তিনিগৰাকী শিক্ষক আৰু ৭,০৩৫ খন বিদ্যালয় সাতগৰাকী বা তাতকৈ অধিক শিক্ষকেৰে পৰিচালিত হৈছে।

শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬৪৬৭ টা শিক্ষকৰ পদ খালী হৈ আছে।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কৰা এক প্ৰশ্নৰ উত্তৰত পেগুৱে কয়, “চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে শিক্ষকৰ সংখ্যা কম থকা বিদ্যালয়সমূহত শিক্ষকৰ সংখ্যা আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাত ক্ৰমান্বয়ে কমি আহিছে।”

“বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু নিৰ্দিষ্ট বিষয়ৰ শিক্ষকৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পদ পূৰণ কৰা হয়। সকলো খালী পদ পূৰণ কৰা হ’ব বুলি কোৱাটো সম্ভৱপৰ নহয়।”-শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লগতে কয়।

শিক্ষামন্ত্ৰীৰ তথ্য অনুসৰি ৰাজ্য পৃথক শ্ৰেণীকোঠা নথকা ৪৭৯৯ খন বিদ্যালয় আছে। এনে পৃথক শ্ৰেণীকোঠা নথকা আন ৫,৬৭৩ খন বিদ্যালয়ত শ্ৰেণীকোঠা পৃথক কৰা দেৱাল নিৰ্মাণৰ বাবে ধন মুকলি কৰি দিয়াৰ বিপৰীতে ৪,১৯৯খন বিদ্যালয়ত কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাত উল্লেখ কৰিছে।

আনহাতে ৰাজ্যত বিদ্যুৎ সংযোগ বিহীন মুঠ ১,১০০ খন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় আছে বুলিও শিক্ষামন্ত্ৰী পেগুৱে উল্লেখ কৰে। তদুপৰি ৰণোজ পেগুৰ তথ্য অনুসৰি ১,১২৪ খন বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা। ইফালে ৩,১১৭ খন বিদ্যালয়ত ল’ৰাৰ বাবে শৌচাগাৰ আৰু ১,৬৯৩ খন বিদ্যালয়ত ছোৱালীৰ বাবে শৌচাগাৰ নাই বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে দাঙি ধৰা এই তথ্যৰ আধাৰতে আন এক প্ৰশ্নৰো সম্প্ৰতি অৱতাৰণা হৈছে। বিগত দুটা দশকৰ অধিক সময় শিক্ষা বিভাগৰ দায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সততে ৰাজ্যত কৰ্মদক্ষ মন্ত্ৰী হিচাপে চৰ্চিত হোৱা হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘ সময় ধৰি বিভাগীয় মন্ত্ৰী হিচাপে দায়িত্বত থকাৰ পাছতো চৰকাৰী শিক্ষাখণ্ডৰ এই কোঙা অৱস্থাই তেওঁৰ দক্ষতা কেনেদৰে নিৰূপণ কৰিব, এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হ’ব।

Related News