NORTHEAST NOW (Assamese)
Popular Stories

কুকুৰ হেৰাল হলিউদ তাৰকা লেডি গাগাৰ, সম্ভেদ দিলে প্ৰদান কৰিব ৩ কোটিৰো অধিক টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2021 8:31 am

হলিউদৰ জনপ্ৰিয় সংগীতশিল্পী লেডি গাগাৰ কজি, গুষ্টাভ আৰু মিছ এছিয়া নামৰ তিনিটাকৈ ফৰাচী বুলডগ আছে। তাৰে কজি আৰু গুষ্টাভ বুধবাৰে চুৰি হয়।

লছ এঞ্জেলছৰ পথত কুকৰকেইটা ফুৰাবলৈ নিওঁতে পহৰাদাৰজনক এজন বন্দুকধাৰী দুবৃত্তই গুলিবৰ্ষণ কৰাৰ পাছতে কজি আৰু গুষ্টাভ চুৰি হয়।

আনহাতে মিছ এছিয়াই কেনেবাকৈ পলাই সাৰে আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে।

কুকুৰ দুটা চুৰি হোৱাৰ সময়ত লেডি গাগা ওৰফে ষ্টেফানি জাৰ্মানট্টা এখন চিনেমাৰ কামত ব্যস্ত আছিল হাজাৰ কিলোমিটাৰ দূৰৈৰ ইটালীৰ ৰোমত।

এটা সূত্ৰই প্ৰকাশ কৰা মতে, কুকুৰ দুটাৰ সম্ভেদ দিব পৰা ব্যক্তিক লেডি গাগাই ভাৰতীয় হিচাপত ৩ কোটিৰো অধিক টকাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰিব।

১১ বাৰৰ গ্ৰেমী বিজয়ী লেডি গাগা সংগীতানুৰাগীসকলৰ বাবে এগৰাকী পৰিচিত নাম। ২০০৮ চনৰ ‘‘দা ফেম মনষ্টাৰ’’ নামৰ এলবামটোৰ অভূতপৰ্ব জনপ্ৰিয়তাৰ পাছত তেওঁ থমকি ৰোৱা নাই।

৩৪ বছৰীয়া সংগীতশিল্পীগৰাকীয়ে এদিনত তেওঁ ১ কোটিৰো অধিক টকা আয় কৰি বিশ্বৰ অন্যতম চহকী সংগীতশিল্পী হিচাপে পৰিগণিত হৈছে।

পোহনীয়া কুকুৰ তিনিটা লেডি গাগাৰ অতি মৰমৰ আৰু ৰাজহুৱা অনুষ্ঠানসমূহলে লগত কুকুৰ তিনিটাকো লৈ যোৱাটো সংগীতশিল্পীগৰাকীৰ অভ্যাস। মিছ এছিয়াৰ নামত তেওঁ এটা ইনষ্ট্ৰাগ্ৰাম একাউণ্টো খুলিছে।