NORTHEAST NOW (Assamese)

ক’ভিডত দিল্লীত মৃত্যু নাৰায়ণপুৰ বৰদেউৰীৰ যুৱতীৰ

June 18, 2020 6:07 pm · ফাৰহানা আহমেদ
ছোনিয়া দেউৰী।

ছোনিয়া দেউৰী নামৰ লখিমপুৰ নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ এগৰাকী যুৱতীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ নতুন দিল্লীত বুধবাৰে মৃত্যু হৈছে।

জানিব পৰা মতে ছোনিয়াক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল আৰু তাতে তেওঁৰ চিকিৎসা চলি আছিল।

এটা বেচৰকাৰী সংস্থাই নতুন দিল্লীতে ছোনিয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

ছোনিয়াৰ গাওঁ বৰদেউৰীত পৰিয়াল আৰু গাওঁবাসীয়ে দেউৰী পৰম্পৰামতে তেওঁৰ প্ৰতীকী সৎকাৰ সম্পন্ন কৰে।

ছোনিয়া ২০০৮ চনৰ পৰা নতুন দিল্লীত কৰ্মৰত আছিল।

ছোনিয়া নাৰায়ণপুৰৰ মাধৱদেৱ কলেজ (বৰ্তমান বিশ্ববিদ্যালয়)ৰ আছু গোটৰ প্ৰাক্তন সদস্য আছিল।

পিছত তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

যুৱতীগৰাকীৰ অকাল মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Related News