NORTHEAST NOW (Assamese)
Popular Stories

Lalit Modi and Sushmita Sen: আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2022 9:06 pm

Lalit Modi posts intimate pics with Sushmita Sen আই পি এল টুৰ্ণামেণ্টৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোডীয়ে বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে নেকি? বৰ্তমানৰ সমগ্ৰ দেশজুৰি এই বাতৰিয়ে চৰ্চা লাভ কৰিছে।

ললিত মোডীয়ে ছ’চিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰিছে। তেওঁক তাত সুস্মিতা সেনৰ সৈতে দেখা গৈছে।

তেওঁ এইটোও ঘোষণা কৰিছে যে তেওঁলোকে দম্পতী হিচাপে জীৱন আৰম্ভ কৰিবলৈ গৈ আছে।

 

তেওঁ বলীউডৰ অভিনেত্ৰী আৰু প্ৰাক্তন মিছ ইউনিভাৰ্ছক তেওঁৰ জীৱনৰ ‘অৰ্ধাঙ্গিনী’ বুলি অভিহিত কৰিছে।

ললিত মোডীয়ে কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এইটোও কোৱা হৈছে যে মালদ্বীপৰ ভ্ৰমণ সমাপ্ত হৈছে। এতিয়া তেওঁ লণ্ডনলৈ উভতি যাব।

তেওঁ লগতে যোগ দিছে যে তেওঁ বৰ্তমান তেওঁৰ জীৱনৰ এই নতুন অধ্যায়ৰ বাবে অপেক্ষা কৰি আছে।

ললিত মোদী আৰু সুস্মিতা সেনৰ এখন অন্তৰংগ ছবিয়ে তেওঁলোকৰ নতুন সম্পৰ্কৰ কথাটো নিশ্চিত কৰিছে!