NORTHEAST NOW (Assamese)

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: September 19, 2025 11:27 am

পলাতক ব্যৱসায়ী তথা আই পি এলৰ প্ৰাক্তন মুৰব্বী ললিত মোডীৰ ভাতৃ সমীৰ মোডীক ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। বৃহস্পতিবাৰে সন্ধিয়া ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পাঁচ দিন পূৰ্বে এগৰাকী মহিলাই সমীৰ মোডীৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভয় দেখুৱাই অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্তৰ অন্তত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে মডিকাৰৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক সমীৰ মোডীক।

অভিযোগকাৰীয়ে জনায় যে যদিও ঘটনাটো আগতেই হৈছিল যদিও এতিয়ালৈকে তেওঁ মুখ খুলিব পৰা নাছিল। এইবাৰ সাহস গোটাই ন্যায়ৰ আশাত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে যোৱা বছৰো পৰিয়ালৰ সম্পত্তিক লৈ হোৱা বিবাদৰ বাবে সমীৰ মোদীয়ে শিৰোনাম দখল কৰিছিল। পিতৃ কে.কে মোডীৰ পিছত প্ৰায় ১১,০০০ কোটি টকাৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তিৰ আৱন্টনক লৈ মাতৃ বীণা মোডীৰ সৈতে তেওঁ আইনী দ্বন্দ্বত সোমাই পৰিছিল।

২০২৪ চনৰ জুন মাহত তেওঁ মাতৃৰ পক্ষৰ পৰা ভাবুকি পোৱা বুলি দাবী কৰি দিল্লী আৰক্ষীক নিৰাপত্তাৰ বাবে অনুৰোধ জনায়। পিছত এই গোচৰটো উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈ পায়।

Related News