NORTHEAST NOW (Assamese)

যোৰহাটত ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ মাটি দখলৰ বিৰুদ্ধে ভূমি অধিকাৰ সুৰক্ষা সমিতি

March 15, 2022 8:13 pm · এন ই নাও নিউজ, যোৰহাট
ফটো: নৰ্থইষ্ট নাও।

ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ দ্বাৰা অবৈধ মাটি দখলৰ বিৰুদ্ধে যোৰহাটত আজি এখন সংবাদমেল অনুষ্ঠিত হয় l

উত্তৰ পশ্চিম যোৰহাটৰ কৃষকৰ মাটি অবৈধভাৱে দখলক লৈ উত্তৰ পশ্চিম যোৰহাটৰ ভূমি অধিকাৰ সুৰক্ষা সমিতি সৰৱ হৈ পৰা পৰিলক্ষিত হয় l

ইপিনে, উত্তৰ পশ্চিম যোৰহাটৰ কৃষি ভূমি ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডে অবৈধভাৱে দখল কৰা বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰাইজে দাবী উত্থাপন কৰিছে l

লগতে পঢ়ক: কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ভূ-মাফিয়াৰ দপদপনি; বেদখল কৰিলে বিশাল চৰকাৰী ভূমি

কৃষি ভূমি দখল কৰাৰ বাবে যোৰহাট জিলা উপায়ুক্তৰ ওচৰত বাৰম্বাৰ ক্ষতিপূৰণ বিচাৰি অনুৰোধ জনাইও কোনো সদুত্তৰ নাপাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি উত্তৰ পশ্চিম যোৰহাটৰ ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে আজি এই সংবাদমেলৰ আয়োজন কৰে l

আনহাতে, মাটিৰ মূল্য সঠিক ৰূপত মূল্যায়ন কৰি কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কৃষক ৰাইজে আহ্বান জনাইছে l 

Related News