NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসৰ পূৰ্বে ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান August 14, 2020 6:03 pm

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী আৰু ওদালগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে নিশা ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা সামগ্ৰী সমূহ প্লাষ্টিকেৰে মেৰিয়াই মাটিৰ তলত পুটি থোৱা হৈছিল।

আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত দুটা একে ৪৭ ৰাইফল, পাঁচটা এ কে ৫৬ ৰাইফল, দুটা এম-১৬ ৰাইফল, এটা এয়াৰগান, সাতটা ৯ এম এম পিষ্টল আৰু বৃহৎ সংখ্যক সজীৱ গুলি।

ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে সাতটা গ্ৰেনেড, ২০০ ডেটোনেটৰ কেপছ আৰু ২০ কেজি বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিগত সময়ছোৱাত ওদালগুৰি আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা এনেধৰণে বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা আৰু অসম আৰক্ষীৰ বিশেষ শাখাই।

আনহাতে, ঘটনাৰ সৈতে জড়িত কোনো লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।