NORTHEAST NOW (Assamese)

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

March 27, 2023 9:45 pm · এন ই নাও নিউজ, গুৱাহাটী

নেটফ্লিক্সৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সতৰ্কবাণী প্ৰদান কৰিছে মিথুনে। আমেৰিকাৰ চিটকমৰ এটা  বিনোদনধৰ্মী চিৰিজত মাধুৰী দীক্ষিতক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।

মাধুৰী দীক্ষিতৰ এজন অনুৰাগীয়ে অ’টিটি কৰ্তৃপক্ষক আইনী জাননী প্ৰেৰণ কৰি এই খণ্ডটো আঁতৰাবলৈ সকীয়াই দিছে।

মিথুন বিজয় কুমাৰ নামৰ ব্যক্তিজনে সৰুৰে পৰা অভিনেত্ৰী মাধুৰীৰ অনুৰাগী বুলি পৰিচয় দি আহিছে। তেওঁৰ প্ৰিয় নায়িকাক অসন্মান কৰাৰ বাবে তেওঁ নেটফ্লিক্সলৈ আইনী জাননী প্ৰেৰণ কৰিছে। এই জাননীত ‘বিগ বেং থিয়ৰী’ নামৰ বিনোদনধৰ্মী অনুষ্ঠানটোৰ এটা খণ্ড প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা হৈছে। মিথুনে অভিযোগ কৰিছে যে সেই খণ্ডটোত মাধুৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা হৈছে।

মিথুন পেছাত এগৰাকী সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী। শ্ব’টোত এটা বিশেষ সংলাপক লৈ তেওঁ আপত্তি কৰিছিল, য’ত মাধুৰীক ‘কুষ্ঠ ৰোগী যৌনকৰ্মী’ বুলি কোৱা হৈছিল।

মিথুনে অভিযোগত কৈছে যে ই মহিলাৰ বিৰুদ্ধে এক অপমান। বিশেষকৈ বিশ্বৰ দৰবাৰত মাধুৰীৰ ভাবমূর্তি ধ্বংস কৰাৰ কোনো প্রচেষ্টা তেওঁ সহ্য নকৰে৷

উল্লেখ্য যে এই ‘বিগ বেং থিয়ৰী’ নামৰ শ্বটো কেলিফৰ্ণিয়াত বসবাস কৰা চাৰিজন বিজ্ঞানীৰ জীৱনৰ ওপৰত আধাৰিত। ইয়াৰ এজন বিজ্ঞানীৰ জন্ম ভাৰতত। কেৰ্লিফ’ণিয়াত বাস কৰা ভাৰতীয় বিজ্ঞানীজন হৈছে ৰাজেশ কোথাৰাপল্লী। ৰাজেশ কোথাৰাপল্লীৰ চৰিত্ৰত অভিনয় কৰিছে বৃটিছ অভিনেতা কুনাল নাইৰে।

শ্ব’টোৰ দ্বিতীয় ছিজনৰ প্ৰথম খণ্ডৰ এটা সংলাপক লৈ এই আইনী জাননী প্ৰেৰণ কৰা হৈছে। খণ্ডটোৰ শিৰোনাম হৈছে ‘দ্য বেড ফিচ পেৰাডাইম’। তাত দুটা চৰিত্ৰৰ মাজত হোৱা কথাবতৰাৰ সময়তে বলীউডৰ অভিনেত্ৰীসকলৰ বিষয়টো আহি পৰে। তাত ৰাজেশ নামৰ চৰিত্ৰটোৰ লগত হোৱা কথোপ-কথনত কোৱা হয় যে “ঐশ্বৰ্য ৰায় এগৰাকী দেৱী, কিন্তু তুলনামূলকভাৱে মাধুৰী দীক্ষিত এগৰাকী ‘কুষ্ঠ ৰোগী যৌনকৰ্মী’।

ধাৰাবাহিকখনৰ সেই অংশটো চাই মিথুন ক্ষোভিত হৈ পৰে। তেওঁ কয়, “নাৰীবিদ্বেষ আৰু যৌনতাবাদ এনেকৈ উদযাপন কৰা হ’ব? আৰু আমি বহি চাই থাকিম? কেতিয়াও নহয়!”

মিথুনে কয় যে যদি এই অংশটো অ’টিটি শ্ব’ৰ পৰা আঁতৰোৱা নহয় তেন্তে তেওঁ তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

Related News