NORTHEAST NOW (Assamese)

গোলাঘাটৰ জাপিসজীয়াত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

October 28, 2019 4:53 pm · এন ই নাও নিউজ
পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো

দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই থকাৰ অন্তত বন বিভাগৰ পিঞ্জৰাত সোমবাৰে বন্দী হয় এটা নাহৰফুটুকী বাঘ।

গোলাঘাট জিলাৰ চেলেঙী, জাপিসজীয়া গাঁৱত আজি বন বিভাগৰ লোকে অঞ্চলটোত সন্ত্ৰাস চলাই অহা নাহৰফুটুকী বাঘটোক পিঞ্জৰাত আবদ্ধ কৰিবলৈ সক্ষম হয়।

পিঞ্জৰাবদ্ধ বাঘটোৱে অঞ্চলটোৰ বিভিন্ন স্থান চেলেঙী, বগৰীজেং, জাপিসীয়া আদিত সন্ত্ৰাস চলাই পথাৰৰ গৰু, ছাগলী খোৱাৰ উপৰি নিশা মানুহৰ ঘৰৰ চৌহদত প্ৰবেশ কৰি আংতকৰ সৃষ্টি কৰি আহিছিল।

স্থানীয় ৰাইজে প্ৰায়ে বাঘটোক পথাৰত দেখি থকাৰ পাছত বন বিভাগক খবৰ দিয়ে।

বন বিভাগে বাঘটোক কৰায়ত্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছিল যদিও সফল হ’ব পৰা নাছিল।

অৱশেষত দেওবাৰে নিশা বন বিভাগে পতা পিঞ্জৰাত সোমাই আবদ্ধ হৈ পৰে নাহৰফুটুকী বাঘটো।

উল্লেখযোগ্য যে, গোলাঘাটৰ লগতে লাগি থকা কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলটো নাহৰফুটুকী বাঘৰ অন্যতম আৱাস ভূমি৷ বন্য ভূমিৰ সংকোচন,  মানুহৰ অবাধ বিচৰনৰ বাবে এই অঞ্চলত এতিয়া বিপদাগ্ৰস্ত হৈ পৰিছে নাহৰফুটুকী বাঘ৷

Related News