NORTHEAST NOW (Assamese)

গাড়ীৰ খুন্দাত নুমলীগড়ৰ দেওপাহাৰত প্ৰাণ গ’ল নাহৰফুটুকী বাঘৰ

January 21, 2019 9:37 pm · উত্তম শইকীয়া

নুমলীগড়স্থিত দেওপাহাৰৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰে যোৱা ৩৯নং ৰাষ্ট্ৰীয় পথত গাড়ীৰ খুন্দাত এটা প্ৰাপ্ত-বয়স্ক মতা নাহৰফুটুকী বাঘৰ মৃত্যু হয়।

বন বিভাগৰ সূত্ৰই জনোৱা মতে ৩৯ নং ৰাষ্ট্ৰীয় পথেৰে তীব্ৰ বেগত যোৱা কোনো গাড়ীয়ে খুন্দিওৱাৰ ফলতে নাহৰফুটুকী বাঘটোৰ মৃত্যু হয়। নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীয়ে মৃত বাঘটোক ৩৯ নং ৰাষ্ট্ৰীয় পথৰ পৰা উদ্ধাৰ কৰি আনি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

সম্প্ৰতি উক্ত কেন্দ্ৰটোতে নাহৰফুটুকীটোৰ মৃতদেহ ৰখা হৈছে। কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিৰ পুৱাতেই নাহৰফুটুকী বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related News