NORTHEAST NOW (Assamese)

লিডুত আৰক্ষীৰ অভিযানত আলফা স্বাধীনৰ লিংকমেন আটক

February 25, 2020 7:34 am · মানস প্ৰতিম গগৈ
আটক হোৱা আলফা স্বাধীনৰ লিংকমেন গৰাকী

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ পৰা আলফা (স্বাঃ)ৰ এজন যোগসূত্ৰকাৰীক সোমবাৰে আটক কৰা বাতৰিয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুৰঞ্জয় বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী আৰক্ষী দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত লিডু ইটোখোলাত অভিযান চলাই  এটা ভাড়াঘৰৰ পৰা আলফা স্বাধীনৰ যোগসূত্ৰকাৰী জনক আটক কৰে৷

আৰক্ষীয়ে আটক কৰা অলফা স্বাধীনৰ যোগসূত্ৰকাৰী জনৰ নাম গোবিন্দ বৰুৱা (২৭) বুলি জানিব পৰা গৈছে৷

ধৃত যোগসূত্ৰকাৰী জনে দীৰ্ঘদিনৰ পৰাই লিডু আঞ্চলটোৰ ভিন্ন লোকৰ পৰা আলফা স্বাধীনৰ নামত ধন দাবী কৰি আহিছিল বুলি সূত্ৰত প্ৰকাশ পাইছে৷

ইতিমধ্যে, লেখাপানী আৰক্ষীয়ে আলফা(স্বা)ৰ লিংকমেন জনক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে, বৰ্তমান সময়ত চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত শান্তি আলোচনা পুনৰ আৰম্ভ হ’ব বুলি চৰ্চা চলি থকাৰ সময়ত এনেদৰে আলফা স্বাধীনে নতুন সদস্য ভৰ্তি তথা ধন আদায়ৰ ক্ষেত্ৰত তৎপৰতা অব্যাহত ৰখা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

Related News