NORTHEAST NOW (Assamese)
অসম

ছচিয়েল মেডিয়াত বিয়পা ভুৱা নথি সন্দর্ভত আৰক্ষীত অভিযোগ লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকৰ

Posted by: ডেমিয়েন লেপছা Updated by: ডেমিয়েন লেপছা January 28, 2019 8:52 pm
IMG-1463

লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকে ছচিয়েল মেডিয়াত তেওঁৰ নামত বিয়পি যোৱা এখন ভুৱা নথিক লৈ ইটানগৰ আৰক্ষী থানাত এখন অভিযোগনামা দাখিল কৰিছে।

যোৱা ২৭ জানুৱাৰি দেওবাৰে ইটানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সম্বোধন কৰি অভিযোগনামাখনত কাৰবাকে উল্লেখ কৰিছে, ‘‘মই আপোনাৰ তাৎক্ষণইক মনোযোগলৈ অনিছোঁ যে এখন ভুৱা নথি ছচিয়েল মেডিয়াত মোৰ নামত চলি আছে। তাত মোৰ জাল কৰা স্বাক্ষৰ আছে। এই নথি ছচিয়েল মেডিয়াত ২০১৯ চনৰ ২৬ জানুৱাৰিৰ পৰা আছে। ইয়াত কেতবোৰ মিছা আৰু হেয় তথ্য আছে যি সমূহে মোৰ ৰাজনৈতিক দল, মোৰ নেতৃবৃন্দৰ মাজত মোৰ বিষয়ে ভুল ধৰণাৰ জন্ম দিব পাৰে।”

0445d9ce-6125-49d8-8e4b-279de99f457a

কাৰবাক হৈছে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ লিৰোমোমা সমষ্টিৰ এগৰাকী বিজেপি বিধায়ক। তেওঁ আৰু কৈছে যে তেওঁ এই নথিখনৰ বিষয়ে তেওঁ একোৱেই নাজানে। কোনো ন্যস্ত স্বাৰ্থৰ ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মানুহৰ মাজত তেওঁৰ চৰিত্ৰহনন কৰিবলৈ এয়া কৰিছে বুলি তেওঁ কয়। অভিযোগনামাখনত তেওঁ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক এইবিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰে।

আনহাতে বিধায়কগৰাকীয়ে এই ভুৱা তথ্যৰ আঁৰৰ লোকসকলক এই ধৰণৰ লেতেৰা ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ অনুৰোধ কৰে।