NORTHEAST NOW (Assamese)

৩,২০০ কিলোমিটাৰ চাইকেল চলাই ভাৰতৰ ক’ৰ’ণাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ ৫ বছৰীয়া শিশু অন্নেষৰ

July 29, 2020 3:22 pm · এন ই নাও নিউজ
Updated: July 29, 2020 3:49 pm

এটি পাঁচ বছৰীয়া শিশু। শিশুটিৰ নাম অন্নেষ কুঞ্চালিয়া।

এই পাঁচ বছৰীয়া শিশুটিয়েই এক চমৎকাৰী কাম কৰি সকলোৰে বাঃ বাঃ পাবলৈ সক্ষম হৈছে।

ব্ৰিটেইনৰ মানচেষ্টাৰত বাস কৰা অন্নেষে তেওঁৰ নিজৰ দেশ ভাৰতত ক’ৰ’ণা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ কথা মাক-দেউতাকৰ মুখত শুনি ভাৰতৰ ক’ৰ’ণাক্ৰান্তৰ বাবে কিবা এটা মহৎ কাম কৰাৰ কথা ভাবিছিল।

সেই মৰ্মে শিশুটিয়ে ২৭ মে’ৰ দিনা তেওঁৰ সৰু চাইকেল খনেৰে আৰম্ভ কৰিছিল এক বিশেষ অভিযান।

‘লিটল পেডলাৰ অন্নেষ এণ্ড ফ্ৰেইণ্ডছ’ শীৰ্ষক এই চাইকেল অভিযানত অন্নেষৰ সহচৰ হৈছিল ৬০ টি আন শিশু।

শিশুৰ দলটোৱে চাইকেল চলাই অতিক্ৰম কৰিছিল ৩,২০০ কিলোমিটাৰ পথ। এই সুদীৰ্ঘ পথছোৱাত অন্নেষ আৰু তেওঁৰ লগৰীয়া সকলে ভাৰতৰ ক’ৰ’ণাত আক্ৰান্ত লোক সকলৰ বাবে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৩.৭ লাখ টকা।

 

সেই ধন ৰাশি সংগ্ৰহ কৰি অন্নেষে প্ৰেৰণ কৰিছে ভাৰত চৰকাৰলৈ।

পাঁচ বছৰীয়া শিশু অন্নেষৰ পিতৃ-মাতৃ অন্ধ্ৰপ্ৰদেশৰ চিটোৰৰ পৰা গৈ মানচেষ্টাৰত বাস কৰি আছে।

এটি তেনেই কণমানি শিশুৱে নিজৰ দেশৰ ক’ৰ’ণাত আক্ৰান্ত লোকৰ বাবে এনেদৰে ৩,২০০ কিলোমিটাৰ চাইকেল চলাই অৰ্থ সাহায্য সংগ্ৰহ কৰাৰ ঘটনাই এতিয়া ব্ৰিটেইনতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ব্ৰিটেইনৰ সাংসদ এণ্ডি কাৰ্টাৰে ভাৰতীয় শিশু অন্নেষক ৬ আগষ্টৰ দিনা সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰিছে।

Related News