NORTHEAST NOW (Assamese)
অসম

শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান আছুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 21, 2020 8:52 pm
AASU on India's New Education Policy 2020

সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ ব্যৱস্থা বলৈ লকডাউনৰ মাজতে চৰকাৰক আহ্বান জনাইছে।

কৰনা প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত দীৰ্ঘসময়ৰ বাবে বিদ্যালয়মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষা ব্যৱস্থা পিছুৱাই যোৱা পৰিলক্ষিত হৈছে।

ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ অভিভাৱকসকলো চিন্তিত হৈ পৰিছে।

নৰ্থইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয়অসমৰ ছাত্ৰছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ চৰকাৰে এক পৰিকল্পনা প্ৰস্তুত কৰক। ছাত্ৰছাত্ৰীয়ে যাতে স্বাস্থ্য বিষয়ক সমস্যাৰ সন্মুখীন বলগীয়া নহয় তাৰ বাবে সকলোধৰণৰ ৰূপৰেখা প্ৰণয়ন কৰা প্ৰয়োজন।

এই বৰ্ষৰ গৰমৰ বন্ধ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই ছাত্ৰ সন্থাই কয়গৰমৰ বন্ধ প্ৰত্যাহাৰ কৰি শ্ৰেণী হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। অত্যধিক গৰম পৰিলে সেই সময়ত সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব। শনিবাৰৰ দিনটোতো পূৰ্ণ পৰ্য্যায়ৰ পাঠদান কৰিব পাৰি।’

ইয়াৰোপৰি এই বৰ্ষৰ চৰকাৰী বন্ধৰ দিন হ্ৰাস কৰি শৈক্ষিক দিন বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰক তেওঁলোকে অনুৰোধ জনায়।

ইপিনে, ৰাজ্যৰ শিক্ষাবিভাগে গ্ৰহণ কৰা অনলাইন শিক্ষাব্যৱস্থা যথেষ্ট নহয় বুলি মত পোষণ কৰি তেওঁলোকে লগতে কয়অসমৰ যিসকল ছাত্ৰছাত্ৰীয়ে অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পৰা নাই বা যিসমূহ অঞ্চলত এই সুবিধা নাই এই ছাত্ৰছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত চৰকাৰে বিকল্প ব্যৱস্থা লোৱা উচিত।

তদুপৰি, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰছাত্ৰীৰ মাছুলৰ বিষয়টো লৈ ৰাজ্য চৰকাৰে এটা হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁলোকে কয়ব্যক্তিগত খণ্ডৰ কিছুমান শিক্ষানুষ্ঠানে বহুত মাছুল লয় কিন্তু সেই অনুপাতে শিক্ষকশিক্ষয়িত্ৰী, কৰ্মচাৰীক দৰমহা নিদিয়ে। কিছুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কোনোমতে চলি আছে। প্ৰথমবাৰৰ বাবে লকডাউনৰ দৰে স্বাস্থ্যজনিত, মানৱীয় সমস্যাৰ সন্মুখীন বলগীয়া হৈছে। এনে পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰতঃ ছাত্ৰছাত্ৰীৰ মাছুলৰ ক্ষেত্ৰত সকাহ, ৰেহাইৰ ব্যৱস্থা কৰা উচিত। কিন্তু এনে কৰিবলৈ যাওঁতে শিক্ষকশিক্ষয়িত্ৰীৰ দৰমহা নিয়মীয়াকৈ দৰমহা দিয়াটো নিশ্চিত কৰা উচিত।

আনহাতে, লকডাউনৰ পিছত সকলো শিক্ষানুষ্ঠান চেনিটাইজ কৰাৰ প্ৰয়োজন আছে বুলি বিজ্ঞপ্তিত সন্থাই উল্লেখ কৰে।