NORTHEAST NOW (Assamese)

গুৱাহাটীৰ কিতাপ দোকান খোলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা

April 23, 2020 10:06 pm · দীপজ্যোতি শৰ্মা

লকডাউনৰ মাজতে গুৱাহাটী কিতাপৰ দোকান মুকলি কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।

পূৰ্বৰ নিৰ্দেশনাত উল্লেখ থকা সময় কিছু সালসলনি কৰি প্ৰশাসনে দিছে নতুন নিৰ্দেশনা।

সপ্তাহত তিনিদিন খুলিব পাৰিব কিতাপৰ দোকানসমূহ। পুৱা ১০বজাৰ পৰা দুপৰীয়া ১বজালৈ জিলাখনত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে খোলা থাকিব কিতাপৰ দোকানসমূহ।

পূৰ্বৰ নিৰ্দেশনাত পুৱা ১০বজাৰ পৰা আবেলি ৫বজালৈ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছিল৷

নিৰ্দেশনাটোত কোৱা হৈছে কিতাপৰ দোকানসমূহে কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ কিতাপসমূহৰ ব্যৱসায় কৰিব।

কিতাপৰ দোকানসমূহে প্ৰাথমিকভাৱে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে৷

দোকানৰ ওচৰৰ অভিভাৱকে বাহন নোহোৱাকৈ কিতাপ সংগ্ৰহ কৰিব পাৰিব।

ছাত্ৰছাত্ৰীৰ তথা অভিভাৱকসকলে কিতাপ ক্ৰয় কৰিবলৈ আহোঁতে কোনোধৰণ অনুজ্ঞাপত্ৰ ল’ব নালাগে বা প্ৰশাসনৰ ফালৰ পৰাও প্ৰদান কৰা নহব।

কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে মানি চলিব লাগিব সামাজিক দূৰত্ব। লগতে কৰ্মচাৰী সকলে মাক্স পৰিধান কৰাৰ  উপৰিও থাকিব লাগিব চেনিটাইজাৰ ব্যৱস্থা।

একেদৰে কিতাপৰ দোকানৰ কৰ্মচাৰীসকলে যানবাহন লৈ আহিলে দেখাব লাগিব পৰিচয় পত্ৰ। জিলা প্ৰশাসনে তেওঁলোকৰ বাবে সুকীয়া পৰিচয় পত্ৰ প্ৰদান নকৰে। কিতাপৰ দোকানৰ মালিকে তেওঁলোক পৰিচয় পত্ৰ প্ৰদান কৰিব।

এইসমূহ নিৰ্দেশনা মানি চলি কামৰূপ মহানগৰত খুলিব পাৰিব কিতাপৰ দোকানসমূহ।

Related News