NORTHEAST NOW (Assamese)

‘আম্বেদকাৰ ঘূৰি আহিলেও ভাৰতীয় সংবিধান ধ্বংস কৰিব নোৱাৰে’- গণতন্ত্ৰ ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ মোদীৰ

April 12, 2024 6:34 pm ·
Updated: April 12, 2024 6:45 pm

এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব কান্ধ পাতি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷মণিপুৰৰ প্ৰসংগত মৌন,কৃষক আন্দোলনত নিমাত প্ৰধানমন্ত্ৰী মোদী এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত প্ৰথম শাৰীৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ কৰিছে৷নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা হ্ৰাসৰ অভিযোগ, ধৰ্মনিৰপেক্ষতাক অৱমাননা কৰি ‘কা’ বলৱতৰ অভিযোগ মাজতে প্ৰধানমন্ত্ৰীৰ মুখত ভাৰতীয় সংবিধানৰ প্ৰসংগ৷ ভাৰতীয় সংবিধানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ নিৰ্মাতা বি আৰ আম্বেদকাৰৰ বিষয়টো উত্থাপন কৰে। ৰাজস্থানৰ বৰমেৰিত বিজেপিৰ নিৰ্বাচনী সভাত মোদীয়ে কয় যে “বাবাচাহেব আম্বেদকাৰে নিজেও আজি সংবিধান ধ্বংস কৰিব নোৱাৰে। চৰকাৰৰ বাবে সংবিধান হৈছে গীতা, কোৰাণ, বাইবেল।”

লগতে পঢ়ক: ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

শেহতীয়াকৈ কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত হেগড়ে-এ দাবী কৰিছিল যে ভাৰতক হিন্দু ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সংবিধান সলনি কৰাটো প্ৰয়োজনীয়। আৰু সংবিধানৰ পৰিৱৰ্তনৰ বাবে সংসদত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। তাৰ বাবেই বিজেপিয়ে ৪০০ আসনৰ লক্ষ্য লৈ নিৰ্বাচনত প্ৰৱেশ কৰিছে বুলি তেওঁ দাবী কৰে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে গেৰুৱা শিবিৰৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থা ধ্বংস কৰাৰ গোপন পৰিকল্পনা সংৰচনাৰ অভিযোগ উত্থাপন কৰে।

শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হেগড়েৰ মন্তব্যৰ কথা উল্লেখ কৰি কয় যে বিজেপি নেতাৰ বক্তব্যৰ পৰা স্পষ্ট যে সংবিধান সলনি কৰিবলৈ চাৰিশ আসনৰ প্ৰয়োজন। নৰেন্দ্ৰ মোদী আৰু সংঘ পৰিবাৰৰ গোপন পৰিকল্পনা প্ৰকাশ হৈছে। বাবাচাহেব আম্বেদকাৰৰ সংবিধান ধ্বংস কৰাটোৱেই হৈছে মোদীৰ চূড়ান্ত লক্ষ্য। কাৰণ বিজেপিৰ লোকসকলে ন্যায়, সমতা, নাগৰিক অধিকাৰ বা গণতন্ত্ৰ সহ্য কৰিব নোৱাৰে।

লগতে পঢ়ক: চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়ে: সাংসদ অজিত কুমাৰ ভূঞা

Related News