• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়ে: সাংসদ অজিত কুমাৰ ভূঞা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 12, 2024 3:48 pm
207
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে যোৱা ১০ বছৰত সাধাৰণ খাটি খোৱা মানুহক যিমানবোৰ প্রতাৰণা কৰিলে তাৰ ভিতৰত এই প্রতাৰণাৰ তালিকাত অসমৰ প্ৰেক্ষাপটত শীৰ্ষত আছে চাহ শ্রমিকসকল ৷ আজি সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰদান কৰিছে জাতীয় দল, অসমৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। 

সাংসদ ভূঞাই কয় যে চাহ শ্রমিকসকলক সম্পূৰ্ণ নিজৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে। বিজেপিয়ে এফালে নিৰ্বাচনৰ পুঁজিৰ স্বাৰ্থত চাহবাগানৰ মালিকৰ লগত সু-সম্পৰ্ক ৰক্ষ কৰি আহিছে, আনফালে চাহ শ্রমিকসকলক বিভিন্ন টোপ দি ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে। মালিকৰ লগত সু-সম্পৰ্ক থকা বিজেপিয়ে কেতিয়াও শ্রমিকৰ দাবী পূৰণ কৰিব নোৱাৰে। তাতকৈ ডাঙৰ কথা হ’ল, অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ১০ খনৰ বেছি বাগান থকাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই শাসনত বাগানৰ শঅ্রমিকসকলে ন্যায় নোপোৱাটোৱেই স্বাভাবিক। যোৱা ১০ বছৰৰ প্রত্যেকটো নিৰ্বাচনত চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে । অথচ আজিৰ দিনত চাহ শ্রমিকৰ দৈনিক মজুৰি মাত্ৰ ২২০ টকা৷ চাহ শ্রমিকসকলক মাটিৰ পট্টা, চাহ জনগোষ্ঠীৰ অনুসূচীকৰণ — এইবোৰ প্ৰত্যেকটো নিৰ্বাচনত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল। কিন্তু এতিয়া সকলোবোৰ বিৰাট ডাঙৰ শূন্য। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে বাগানসমূহৰ বিক্ৰী । অসম চাহ নিগমৰ যিমানবোৰ বাগান বিক্ৰী হৈছে, সেই বাগানবোৰৰ শ্ৰমিকসকলে দৈনিক মজুৰি নোপোৱাৰ অভিযোগ উঠিছে। এইটো অতি ভয়ংকৰ কথা। যদি মজুৰিয়ে লাভ নকৰে, তেন্তে শ্রমিকসকলে কেনেকৈ জীয়াই থাকিব? বাগানবোৰ যিমানেই বিক্ৰী হ’বলৈ ধৰিছে সিমানেই মজুৰি, ভাট্টা এই সমস্যাসমূহ বৃদ্ধি হৈছে। বহুত বাগানৰ মালিক এতিয়া স্বয়ং চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়কৰ পৰিয়াল। ৰাস্তাৰ পৰা দুয়োফালে বাগানসমূহৰ ১০% মাটি বিক্ৰী হোৱাৰ প্রক্ৰিয়া আৰম্ভ হৈছে। এই প্রক্ৰিয়াত ভৃক্তভোগী হ’ব শ্রমিকসকলেই। চাহ বাগানসমূহত পৰ্যাপ্ত গুণগত মানদণ্ডৰ স্কুল, হস্পিটাল নাই। যিসমূহ আছিল সেইসমূহো এতিয়া বন্ধ হ’বলৈ লৈছে। যদি পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে অসমৰ প্রায় ১ কোটি চাহ শ্রমিকৰ জীৱনলৈ যে অতি ভয়াবহ দিন নামি আহিব সেইয়া খাটাং হৈ পৰিছে। নিজৰ প্ৰাপ্য দাবীৰ কাৰণে চাহ শ্রমিকসকল ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছে আৰু অতি শেহতীয়াকৈ খোৱাং বাগানত শ্ৰমিকসকলে যি আন্দোলন কৰিছে সেয়াই তাৰ জ্বলন্ত উদাহৰণ।৷ মজুৰি, মাটি, অনুসূচীকৰণৰ স্বাৰ্থত চাহ শ্ৰমিকসকলে বিজেপি চৰকাৰক পৰাস্ত কৰিবই লাগিব। ন’হলে ভয়াবহ বিপদ হোৱাটো নিশ্চিত।

Recent News

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd