• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়ে: সাংসদ অজিত কুমাৰ ভূঞা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 12, 2024 3:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে যোৱা ১০ বছৰত সাধাৰণ খাটি খোৱা মানুহক যিমানবোৰ প্রতাৰণা কৰিলে তাৰ ভিতৰত এই প্রতাৰণাৰ তালিকাত অসমৰ প্ৰেক্ষাপটত শীৰ্ষত আছে চাহ শ্রমিকসকল ৷ আজি সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰদান কৰিছে জাতীয় দল, অসমৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। 

সাংসদ ভূঞাই কয় যে চাহ শ্রমিকসকলক সম্পূৰ্ণ নিজৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে। বিজেপিয়ে এফালে নিৰ্বাচনৰ পুঁজিৰ স্বাৰ্থত চাহবাগানৰ মালিকৰ লগত সু-সম্পৰ্ক ৰক্ষ কৰি আহিছে, আনফালে চাহ শ্রমিকসকলক বিভিন্ন টোপ দি ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে। মালিকৰ লগত সু-সম্পৰ্ক থকা বিজেপিয়ে কেতিয়াও শ্রমিকৰ দাবী পূৰণ কৰিব নোৱাৰে। তাতকৈ ডাঙৰ কথা হ’ল, অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ১০ খনৰ বেছি বাগান থকাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই শাসনত বাগানৰ শঅ্রমিকসকলে ন্যায় নোপোৱাটোৱেই স্বাভাবিক। যোৱা ১০ বছৰৰ প্রত্যেকটো নিৰ্বাচনত চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে । অথচ আজিৰ দিনত চাহ শ্রমিকৰ দৈনিক মজুৰি মাত্ৰ ২২০ টকা৷ চাহ শ্রমিকসকলক মাটিৰ পট্টা, চাহ জনগোষ্ঠীৰ অনুসূচীকৰণ — এইবোৰ প্ৰত্যেকটো নিৰ্বাচনত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল। কিন্তু এতিয়া সকলোবোৰ বিৰাট ডাঙৰ শূন্য। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে বাগানসমূহৰ বিক্ৰী । অসম চাহ নিগমৰ যিমানবোৰ বাগান বিক্ৰী হৈছে, সেই বাগানবোৰৰ শ্ৰমিকসকলে দৈনিক মজুৰি নোপোৱাৰ অভিযোগ উঠিছে। এইটো অতি ভয়ংকৰ কথা। যদি মজুৰিয়ে লাভ নকৰে, তেন্তে শ্রমিকসকলে কেনেকৈ জীয়াই থাকিব? বাগানবোৰ যিমানেই বিক্ৰী হ’বলৈ ধৰিছে সিমানেই মজুৰি, ভাট্টা এই সমস্যাসমূহ বৃদ্ধি হৈছে। বহুত বাগানৰ মালিক এতিয়া স্বয়ং চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়কৰ পৰিয়াল। ৰাস্তাৰ পৰা দুয়োফালে বাগানসমূহৰ ১০% মাটি বিক্ৰী হোৱাৰ প্রক্ৰিয়া আৰম্ভ হৈছে। এই প্রক্ৰিয়াত ভৃক্তভোগী হ’ব শ্রমিকসকলেই। চাহ বাগানসমূহত পৰ্যাপ্ত গুণগত মানদণ্ডৰ স্কুল, হস্পিটাল নাই। যিসমূহ আছিল সেইসমূহো এতিয়া বন্ধ হ’বলৈ লৈছে। যদি পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে অসমৰ প্রায় ১ কোটি চাহ শ্রমিকৰ জীৱনলৈ যে অতি ভয়াবহ দিন নামি আহিব সেইয়া খাটাং হৈ পৰিছে। নিজৰ প্ৰাপ্য দাবীৰ কাৰণে চাহ শ্রমিকসকল ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছে আৰু অতি শেহতীয়াকৈ খোৱাং বাগানত শ্ৰমিকসকলে যি আন্দোলন কৰিছে সেয়াই তাৰ জ্বলন্ত উদাহৰণ।৷ মজুৰি, মাটি, অনুসূচীকৰণৰ স্বাৰ্থত চাহ শ্ৰমিকসকলে বিজেপি চৰকাৰক পৰাস্ত কৰিবই লাগিব। ন’হলে ভয়াবহ বিপদ হোৱাটো নিশ্চিত।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd