সম্প্ৰতি পৰিচালক নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ প্ৰযোজক হিচাপে নমিত মালহোত্ৰাই শিৰোনাম দখল কৰিছে। কিন্তু তেওঁৰ প্ৰকৃত পৰিচয় ভাৰতীয় চিনেমাৰ প্ৰযোজক হোৱাতেই সীমাবদ্ধ নহয়। এটা সৰু পোষ্ট প্ৰডাকচন চেটআপৰ পৰা আৰম্ভ কৰি তেওঁ এতিয়া বিশ্বমানৰ ভিএফএক্স ব্যৱসায়ৰ অন্যতম কাণ্ডাৰী। তেওঁৰ এই বিশাল সফলতাৰ ছাপ তেওঁৰ বিশাল সম্পত্তিৰ ওপৰতো পৰিছে।
হুৰুণ গ্ল’বেল ৰিচ লিষ্ট ২০২৬ অনুসৰি নমিত মালহোত্ৰাৰ মুঠ সম্পত্তি ৯,২০৪ কোটি টকাতকৈও অধিক। বিশ্বৰ ধনী লোকৰ তালিকাত তেওঁৰ স্থান ৩,৩০৬ নম্বৰত। এই সম্পত্তিৰ হিচাপ ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে কৰা হৈছে। কিন্তু মনত ৰাখিব, এই ধনৰাশি তেওঁৰ হাতত থকা নগদ ধন বা লিকুইড সম্পত্তি নহয়, ই তেওঁৰ মুঠ সম্পত্তিৰ অনুমানিক হিচাপহে।
আনহাতে, হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৬ত কোৱা হৈছে যে মালহোত্ৰা পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬,০০০ কোটি টকা। এয়া কেৱল নমিতৰ ব্যক্তিগত সম্পদ নহয়, সমগ্ৰ পৰিয়ালটোৰ। গতিকে এই দুয়োটা বিৱৰণী তুলনা কৰা বা পোনপটীয়াকৈ তুলনা কৰাটো সঠিক নহ’ব।
গেৰেজ ৱৰ্কশ্বপৰ পৰা গ্ল’বেল ভিএফএক্সলৈকে: কেনেকৈ সাম্ৰাজ্য গঢ়িলে নমিতে?
১৯৯৫ চনৰ পৰাই নমিতৰ উদ্যোগী জীৱন আৰম্ভ হৈছিল। দেউতাকৰ গেৰেজত এখন সৰু ভিডিঅ’ ৱৰ্কশ্বপ খুলিছিল। কম্পিউটাৰ গ্ৰাফিক্স আৰু পষ্ট প্ৰডাকচন টেকন’লজিৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহ আছিল। মূলসুঁতিৰ চিনেমাত ভিএফএক্সৰ প্ৰয়োজন হোৱাৰ বহু আগতেই তেওঁ বুজি পাইছিল যে ডিজিটেল সঁজুলিৰে চলচ্চিত্ৰ নিৰ্মাণৰ চেহেৰাটোৱে সলনি কৰি দিব পৰা যায়।
পিছলৈ তেওঁৰ এই সৰু ব্যৱসায়টো তেওঁৰ পিতৃ নৰেশ মালহোত্ৰাৰ প্ৰডাকচন কোম্পানী ভিডিঅ’ ৱৰ্কছৰ সৈতে একত্ৰিত কৰা হয়। এই অংশীদাৰিত্বৰ পৰাই প্ৰাইম ফ’কাচ গঠন কৰা হৈছিল। লাহে লাহে প্ৰাইম ফ’কাছে ভাৰতৰ বাহিৰলৈ সম্প্ৰসাৰণ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
২০০৬ চনটো আছিল এক ডাঙৰ মাইলৰ খুঁটি। প্ৰাইম ফ’কাছ বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ত তালিকাভুক্ত। কোম্পানীটোৰ লক্ষ্য হৈছে মিডিয়া প্ৰডাকচনৰ বিভিন্ন দিশ, যেনে পোষ্ট প্ৰডাকচন, ভিজুৱেল ইফেক্ট, প্ৰযুক্তি আৰু প্ৰডাকচন সেৱা, এই সকলোবোৰ একেটা ছাটিৰ তললৈ অনা।
২০১৪ চনত আন এটা ডাঙৰ টাৰ্নিং পইণ্ট আহিছিল। প্ৰাইম ফ’কাছে ব্ৰিটিছ ভিজুৱেল ইফেক্টছ ষ্টুডিঅ’ ডাবল নেগেটিভ (ডিএনইজি) অধিগ্ৰহণ কৰিছিল। এই অধিগ্ৰহণে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰিত কৰিলে আৰু বিশ্বব্যাপী ভিএফএক্স উদ্যোগত তেওঁলোকক এক ডাঙৰ নাম কৰি তুলিলে। নমিত মালহোত্ৰা বৰ্তমান ডিএনইজিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া।
কোম্পানীবোৰত মালহোত্ৰা পৰিয়ালৰ মালিকীস্বস্ত্ব কিমান?
প্ৰাইম ফ’কাচ কোম্পানীয়ে প্ৰদান কৰা তথ্য অনুসৰি এই ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানীটোত মালহোত্ৰা পৰিয়ালৰ ৬০.৭৩% অংশীদাৰিত্ব বা মালিকীস্বত্ব আছে। ডিএনইজিত প্ৰাইম ফ’কাছৰ শ্বেয়াৰ ৮৮.২৯%।
এই শ্বেয়াৰবোৰলৈ চালেই নমিতৰ এই বৃহৎ সম্পত্তিৰ উৎস কি সেয়া স্পষ্ট হৈ পৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই দুটা কোম্পানীৰ মুঠ মূল্যটোৱেই তেওঁৰ ব্যক্তিগত সম্পত্তি।
ডি এন ই জিয়ে হলিউডৰ বহু জনপ্ৰিয় ছবিত ভিজুৱেল ইফেক্টৰ কাম কৰিছে। ইয়াৰ ভিতৰত আছে ‘ইনচেপচন’, ‘ইণ্টাৰষ্টেলাৰ’, ‘ব্লেড ৰানাৰ ২০৪৯’ আৰু ‘ডিউন’ ফ্ৰেঞ্চাইজি। অস্কাৰ লাভ কৰাৰ পিছত বিশ্বব্যাপী মনোৰঞ্জন জগতত তেওঁলোকৰ সন্মান আৰু বাঢ়িছে।
৪,০০০ কোটি টকাৰ ‘ৰামায়ণ’: নমিতৰ আটাইতকৈ ডাঙৰ বাজি
আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন জগতত তেওঁৰ ডাঙৰ নাম, তথাপিও এতিয়া নমিতৰ কথা আন এটা কাৰণত চৰ্চা হৈছে, আৰু সেইটোৱেই হৈছে ‘ৰামায়ণ’।
এই মহাকাব্যখন নিতেশ তিৱাৰীৰ পৰিচালনাত দুটা ভাগত নিৰ্মাণ কৰা হৈছে। মুখ্য চৰিত্ৰত আছে ৰণবীৰ কাপুৰ, সাই পল্লৱী আৰু যশ। এই প্ৰকল্পৰ লক্ষ্য হৈছে এক মহান কাহিনী কোৱা আৰু আধুনিক ভিএফএক্সৰ জৰিয়তে ভাৰতৰ এই অন্যতম মহাকাব্যখন বিশ্বৰ দৰ্শকৰ আগত উপস্থাপন কৰা।
কোৱা হৈছে যে এই দুটা খণ্ডৰ মুঠ বাজেট প্ৰায় ৫০ কোটি ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত ৪০০০ কোটি টকাতকৈও অধিক। যদি এই অনুমান সঁচা হয় তেন্তে ‘ৰামায়ণ’ ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম ব্যয়বহুল প্ৰকল্প হ’বলৈ গৈ আছে। নমিতৰ বাবে এই প্ৰকল্পটো তেওঁৰ দুটা আটাইতকৈ প্ৰিয় বস্তুৰ সংমিশ্ৰণ – চলচ্চিত্ৰ নিৰ্মাণ আৰু আধুনিক ভিএফএক্স প্ৰযুক্তিৰ যুগলবন্দী।





