আবেলিৰ স্বাভাৱিক বিমানযাত্ৰা মুহূৰ্ততে আতংকত পৰিণত হ’ল। গন্তব্যস্থান আছিল লক্ষ্ণৌ। কিন্তু আকাশৰ মাজতে বিমানখনৰ শৌচাগাৰত উদ্ধাৰ হয় হাইজেকৰ ভাবুকি দিয়া হাতে লিখা চিঠি।
সমগ্ৰ বিমানখনতে আতংক বিয়পি পৰে। কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈয়ে বিমানখন আকাশৰ মাজৰ পৰা বেংগালুৰুলৈ ঘূৰাই অনা হয়। এই ঘটনাই বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, শনিবাৰে আবেলি ৫:৫০ বজাত বেংগালুৰুৰ পৰা লক্ষ্ণৌ অভিমুখে এখন ইণ্ডিগ’ৰ বিমানে যাত্ৰা কৰিছিল। বিমানখনত আছিল ১৭৮ জন যাত্ৰী। বিমানখনৰ কিছু সময়ৰ পাছতে এজন যাত্ৰীয়ে বিমানখনৰ শৌচাগাৰত হাতে লিখা চিঠি এখন উদ্ধাৰ কৰে।
চিঠিখনত লিখা আছিল, ‘সন্ধিয়া ঠিক ৬:৩০ বজাত এই বিমানখন হাইজেক কৰা হ’ব। এই কথাটো আওকাণ কৰিলে ইয়াৰ পৰিণতি বেয়া হ’ব।’
চিঠিখন দেখাৰ পিছত যাত্ৰীগৰাকীয়ে বিমান পৰিচাৰিকাসকলক এই বিষয়ে অৱগত কৰে। পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি পাইলটে দ্ৰুতগতিত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ৰ সৈতে যোগাযোগ কৰে।
যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি বিমানখন গন্তব্যস্থানলৈ নিয়াৰ পৰিৱৰ্তে বেংগালুৰুলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানবন্দৰৰ টাৰ্মিনেল ১ত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।
বিমানখন অৱতৰণ কৰাৰ পিছত সকলো যাত্ৰীক নিৰাপদে বিমানৰ পৰা আঁতৰাই নিয়া হয়। তাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ বিমানখনত তালাচী চলায়। তদন্তকাৰীৰ প্ৰাৰম্ভিক সন্দেহ আছিল যে কোনো যাত্ৰীয়ে হয়তো বিমানখনৰ ভিতৰতে ভাবুকি দিয়া পত্ৰখন এৰি থৈ গৈছে। জানিব পৰা মতে, সেই সূত্ৰৰ ভিত্তিত যাত্ৰীসকলকো সোধা-পোছা কৰা হয়।





