সন্মুখত দীপাৱলী। তাৰ পিছতে ঘৰত এখন বিয়াৰ অনুষ্ঠান হোৱাৰ কথা। সেয়ে যুৱতীগৰাকীয়ে দীপাৱলী আৰু বিয়াৰ কিছু বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পাছতো তাই ঘৰলৈ উভতি নাহিল। অৱশেষত এদিন পিছত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই আলোড়নৰ সৃষ্টি কৰে।
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ কানপুৰৰ মহাৰাজপুৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে যুৱতীগৰাকীৰ নাম মান্তাশা কুমাৰী (২৬)। পেছাত এগৰাকী জিম প্ৰশিক্ষক আৰু পেছাদাৰী বক্সাৰ। তেওঁৰ ঘৰ উন্নাওৰ গংগা ঘাট কোতৱালি থানা এলেকাত।
যোৱা বৃহস্পতিবাৰে এই ঘটনাৰ সূত্ৰপাত। সেইদিনা সন্ধিয়া ৫ মান বজাত বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল মান্তাশা। পৰিয়ালৰ লোকে জনোৱা মতে, যুৱতীগৰাকীয়ে চাকেৰীৰ লাল বাংলা মাৰ্কেট অঞ্চললৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু বহু সময়ৰ পাছতো যেতিয়া ছোৱালীজনী ঘৰলৈ উভতি নাহিল, তেতিয়া পৰিয়ালৰ লোকৰ মাজত চিন্তা বাঢ়ি আহিল। সন্ধিয়া ৭ বজাত তাইক ফোন কৰাত মান্তাশাৰ ফোনটো চুইচ অফ হৈ আছিল। অৱশেষত বৃহস্পতিবাৰে নিশা মান্তাশাৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে।
অভিযোগৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে তদন্তৰ অন্তত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে, মহাৰাজপুৰৰ মহলীৰ এটা শীতল ভঁৰালৰ সমীপৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
শনিবাৰে পৰিয়ালটোৱে মৃতদেহটো চিনাক্ত কৰাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই ঘটনাত পৰিয়ালৰ লোকে মান্তাশাৰ প্ৰেমিকক সন্দেহ কৰিছে।
জানিব পৰা মতে ঘটনাস্থলীৰ পৰা মান্তাশাৰ বেগ আৰু মোবাইল ফোন উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে সেইবোৰৰ সন্ধান চলাইছে। দীপাৱলীৰ পিছত ১৮ নৱেম্বৰত তেওঁলোকৰ ঘৰত বিবাহ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল বুলি পৰিয়ালটোৱে জনাইছে। সেই অনুষ্ঠানৰ বাবেও মান্তাশাৰ কিছু বজাৰ কৰাৰ কথা আছিল।
মান্তাশাৰ পিতৃয়ে কয় যে জিমত এজন যুৱকৰ লগত মান্তাশাৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। কিছুদিন পূৰ্বে মান্তাশাৰ অপাৰেচন হৈছিল। সেই সময়ত তাই কেইবাদিনো চিকিৎসালয়ত ভৰ্তি হৈ আছিল। সেই সময়ত যুৱকজন তাইক চিকিৎসালয়ত লগ কৰিবলৈ গৈছিল। মান্তাশাৰ মৃত্যুত যুৱকজনৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰিছে মান্তাশাৰ পৰিয়ালৰ লোকে।
অৱশ্যে যুৱকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে মান্তাশা কুমাৰী আছিল জিম ট্ৰেইনাৰ। ইয়াৰ উপৰিও পেছাদাৰী বক্সিঙৰ লগত জড়িত আছিল। দ্বাদশ শ্ৰেণীৰ পঢ়া-শুনা সম্পূৰ্ণ কৰি দেউতাকৰ পৰা বক্সিঙৰ প্ৰশিক্ষণ লৈছিল। জিলা পৰ্যায়ৰ প্ৰতিযোগিতাতো স্বৰ্ণ পদক লাভ কৰে। প্ৰসংগক্ৰমে মান্তাশাৰ পিতৃও ইয়াৰ পূৰ্বে পেছাদাৰী বক্সিঙৰ সৈতে জড়িত আছিল। তেওঁৱো জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল।





